Breaking

ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

0 1,314

বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° অনিল চন্দ্ৰ দাসে। ইয়াৰ পাছতে উপাধ্যক্ষ চুখলাল চুব্বাই দেশ আৰু সমাজৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ সকলো শিক্ষক তথা কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। বিজ্ঞান শাখাৰ সমুখৰ বাকৰিত গছপুলি ৰোপনৰ এটি কাৰ্যসূচীও সম্পন্ন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° নয়নমণি মেধিয়ে। সম্পূৰ্ণ কোভিড নীতি-নিয়ম মানি অধ্যক্ষ ড° দাসৰ সভাপতিত্বত শিক্ষক, কৰ্মচাৰী, ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ প্ৰতিনিধিৰ মাজত এখনি মত বিনিময় সভাও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৯৭ চনত সৰিয়হজান অঞ্চলৰ কেইগৰাকীমান সমাজকৰ্মী আৰু সদৌ ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। কোভিড অতিমাৰীজনিত পৰিস্থিতিৰ বাবে ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপনৰ বাবে আগবাঢ়িব পৰা নাই যদিও পৰিস্থিতি অনুকূল হ’লেই স্থানীয় ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী উৎসৱ পালন কৰাৰ পৰিকল্পনাৰ বিষয়ে সভাত অধ্যক্ষই ব্যক্ত কৰে। তদুপৰি তেখেতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ আৰু অধিক উন্নত কৰি সৰিয়হজানবাসী ৰাইজৰ আশা – আকাংক্ষাক বাস্তৱায়িত কৰাৰ লগতে পাহাৰীয়া জিলাখনক উচ্চ শিক্ষাৰ আগবাঢ়ি যোৱাত ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সকলো শিক্ষকক কাম কৰি যাবলৈ আহ্বান জনায়। লগতে অধ্যক্ষ ড° দাসে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ অৰ্থে চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি, ৰাইজ তথা প্ৰাক্তন ছাত্ৰ সমাজৰ সহায় – সহযোগিতা কামনা কৰে।

Leave A Reply