Breaking

নিয়মীয়াকৈ তিতা খাওক আৰু ৰোগৰ পৰা আঁতৰি থাকক…

0 67

অতিৰিক্ত ফেট বা চৰ্বিয়ে হৃদৰোগ আৰু উচ্চ ৰক্তচাপ জাতীয় অসুখৰ সৃষ্টি কৰে। ফেট বা চৰ্বিৰ যোগেদি তেজত কলেষ্টেৰল বৃদ্ধি হৈ হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। তিতা জাতীয় খাদ্যত চৰ্বিৰ পৰিমাণ কম থকাৰ বাবে এইবোৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। তিতা কেৰেলা আৰু মেথিশাকত ভিটামিন ‘চি’ থকাৰ বাবে পাকস্থলীৰ কেন্সাৰৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখে।

তিতাজাতীয় খাদ্যত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। আয়ৰণ হ’ল স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ অন্যতম উপাদান। মানৱ শৰীৰত তেজ প্ৰস্তুতকৰণ আৰু শক্তি বৃদ্ধিৰ বাবে আয়ৰণৰ দৰকাৰ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। কেন্সাৰৰ প্ৰতিৰোধ আৰু হাৰ্ট সুস্থ কৰি ৰখাৰ দৰে শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। স্নায়ু দুৰ্বলতা, স্থুলতা আৰু অৱসাদ ইত্যাদি আয়ৰণৰ অভাৱৰ ফলত হোৱা কিছুমান উপসৰ্গ।

মানৱ শৰীৰৰ হাড়বোৰ শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰাখিবৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। কেলচিয়ামে তেজৰ গোট মৰা বা ডকা বন্ধা গুণ বৃদ্ধি কৰে। দেহত কেলচিয়ামৰ পৰিমাণ কম হ’লে ৰিউমেটিক আৰ্থ্ৰাইটিছ আৰু অনিদ্ৰাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তিতাজাতীয় শাক-পাচলিবোৰত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। দাঁতবোৰ শক্তিশালী কৰি ৰাখিবৰ কাৰণেও কেলচিয়ামৰ দৰকাৰ হয়। এনে ধৰণৰ শাক পাচলিবোৰত বিটাকেৰোটিন, ভিটামিন চি, এণ্টি অক্সিডেণ্ট আদি থকাৰ বাবে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

সকলো ধৰণৰ ৰোগীয়ে তিতাজাতীয় খাদ্য খাব পাৰে। দৈনন্দিন জীৱনত খোৱা খাদ্য ভাত-দাইল, মাছ-মাংস, গাখীৰ, শাক-পাচলি, ফলমূল ইত্যাদি সকলোবোৰৰ লগতেই তিতা খাব পাৰি। যিকোনো খাদ্য খোৱাৰ আগতে প্ৰথমে তিতা খাই ল’ব লাগে। অৱশ্যে তিতা খোৱাৰ সময়ত এটা কথা মনত ৰখা উচিত যে তিতা শাক-পাচলি সদায় কম পৰিমাণেহে খোৱা উচিত।

সাধাৰণতে এটা ধাৰণা প্ৰচলিত আছে যে ৰাতি তিতা খাব নেপায়। এই ধাৰণা একেবাৰে ভুল। দিনটোৰ যিকোনো সময়তে তিতা খাব পাৰি। ভাট-ৰুটি জাতীয় খাদ্যৰ লগতে তিতা খাবই পাৰি। আনকি পুৱা খালী পেটতো সৰু জাতৰ তিতাকেৰেলাৰ কেঁচা ৰস খাব পাৰি। খাওঁতে তিতা লাগে বাবে বহুতে তিতা পাচলি তেলত ভাজি মুখৰোচক কৰি খায়। কিন্তু সুস্থ মানুহ, ৰোগী সকলোৱে তিতা পাচলি বা তিতা কেৰেলা সিদ্ধ কৰি খোৱাটোহে ভাল।সিদ্ধ তিতা কেৰেলা খালে বেছি উপকাৰ পোৱা যায়। অৱশ্যে তিতা কেৰেলা ভাজি খালেও ইয়াৰ খাদ্য গুণ নষ্ট নহয়। কিন্তু ভাজোতে ব্যৱহাৰ কৰা তেলেহে আপোনাৰ শৰীৰৰ অপকাৰ কৰিব পাৰে।

দৈনন্দিন খাদ্যৰ তালিকাত গাখীৰ বা দৈ জাতীয় খাদ্য থাকিলে, প্ৰথমে তিতা খাই ল’ব। পেটৰ যিকোনো ৰোগ থাকিলেও তিতা খাব পাৰি, কিন্তু ইয়াক তেলত ভাজি নেখাব। কাৰণ ভজা তিতা কেৰেলা হজম নহ’ব পাৰে। ল’ৰা-ছোৱালীকো তিতা খাবলৈ দিব পাৰি। সৰুৰে পৰা তিতা খোৱা অভ্যাস কৰালে ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা নেথাকে।

কেৱল তিতা খালেই যে এইবিলাক ৰোগ হ’ব নোৱাৰে, তাৰ নিশ্চয়তা দিব নোৱাৰি। কিন্তু এটা কথা ঠিক যে তিতা খালে এনেবিলাক ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

ডা: প্ৰতিভা অধিকাৰী

Leave A Reply