Breaking

নিয়মিত আমলখি খালে মানুহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হয়

0 1,111

আমলখিক ফলৰ ৰজা বুলি এইকাৰণেই কোৱা হয় যে আমলখিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে।বিশেষকৈ ক’ৰনাৰ এই জটিল পৰিস্থিতিত বিশেষজ্ঞ সকলে দৈনিক আমলখি খোৱাৰ পৰামৰ্শ আগবঢ়াইছে। লগতে নিয়মিত আমলখি খালে মাৰাত্মক কেন্সাৰ,মধুমেহ তথা হৃদৰোগৰ দৰে ৰোগ নিয়ন্ত্ৰণ হয়। ইয়াৰোপৰি শীতকালত পানীলগা,কাহ আদিৰ লগতে ব্ৰংকাইটিছ দৰে ৰোগ প্ৰতিৰোধ কৰাতো আমলখিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে ।সাধাৰণতে শীতকালত মানুহৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বৃদ্ধি পায়।তেনেক্ষেত্ৰত বিশেষজ্ঞই দৈনিক আমলখি কোৱাৰ পৰামৰ্শ আগবঢ়াইছে।বৰ্তমান মানুহৰ অতিৰিক্ত ওজন বৃদ্ধি পোৱাটো এক গুৰুতৰ সমস্যা হৈ পৰিছে।তেনেক্ষেত্ৰত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক এটা আমলখি খোৱাৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে। শৰীৰত থকা দূষিত পদাৰ্থ বাহিৰ কৰাত আমলখিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।তেনেক্ষেত্ৰত মৌ বা গুৰৰ লগত আমলখি খোৱাৰ অভ্যাস কৰিব লাগে।

ইয়াৰোপৰি আমলখিয়ে তেজ পৰিষ্কাৰ কৰে লগতে তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰাত আমলখিয়ে ঔষধৰ দৰে কাম কৰে।শৰীৰৰ না-না ৰোগ প্ৰতিৰোধ কৰাৰ লগতে আমলখিয়ে মানুহৰ দৃষ্টি শক্তি অটুট ৰখাতো সহায় কৰে।নিয়মিত আমলখি খালে মানুহৰ আৰ্থাৰাইটিছৰ দৰে ৰোগো নিয়ন্ত্ৰণ হয়।লগতে ছাল আৰু চুলিৰ বাবেও আমলখি অতিকৈ উপযোগী।

Leave A Reply