Breaking

পুৰণি গুড় খোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী…

0 64

গুড়য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, মানসিক চাপ কমোৱা আৰু শৰীৰ বিষমুক্ত কৰাত সহায় কৰে। গুড়ৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। গুড়ৰত আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানত প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু আপুনি জানেনে যে নতুন গুড়তকৈ পুৰণি গুড় বেছি উপকাৰী। বিশেষজ্ঞসকলৰ মতে ১ৰ পৰা ২বছৰীয়া গুৰ আটাইতকৈ উপকাৰী। যিমান পুৰণি হয় সিমানে গুড়ৰ এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ মূল্য বাঢ়ি যায়। গুড়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু মানসিক চাপৰ পৰা উপশম পোৱাতো সহায় কৰে। সেয়ে ১ বছৰৰ পৰা ২ বছৰৰ ভিতৰত পুৰণি গুড় খালে অধিক উপকাৰ পোৱা যায়-

গুড়ত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। কাৰ্বহাইড্ৰেট, আইৰণ, মেগনেছিয়াম আদি মৌল গুড়ত প্ৰচুৰ পৰিমাণে পোৱা যায়। কাৰ্বহাইড্ৰেট হৈছে শক্তিৰ প্ৰধান উৎস। গুড়ত থকা গ্লুক’জে শৰীৰক শক্তি প্ৰদান কৰে। আইৰণে আমাৰ ৰক্তকণিকালৈ অক্সিজেন যোগান ধৰে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। মেগনেছিয়ামে মানসিক চাপ কমাই পেশীবোৰক শিথিল কৰিও শক্তি বৃদ্ধি কৰে।

গুড়ে আমাৰ হজম শক্তি বহু দিশত উন্নত কৰে। গুড়ত বহু প্ৰকাৰৰ এনজাইম আৰু আঁহ পোৱা যায় যিয়ে খাদ্য হজমত সহায় কৰে। পেটৰ লগত জড়িত সমস্যা যেনে গেছ, জ্বলা-পোৰা আদি হ্ৰাস কৰে গুড়ে।

গুড়ত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তাম আৰু আইৰণৰ দৰে খনিজ পদাৰ্থও গুড়ত পোৱা যায় যিয়ে এন্টিবডিৰ উৎপাদন বৃদ্ধি কৰে। ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। এইদৰে গুড়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গুড়ত কেলচিয়াম আৰু ফছফৰাছৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে। হাড় আৰু দাঁতৰ বৃদ্ধি আৰু মেৰামতিৰ বাবেও ফছফৰাছ অপৰিহাৰ্য। গুড়ত মেগনেছিয়ামো থাকে যিয়ে কেলচিয়াম শোষণত সহায় কৰে।

Leave A Reply

Your email address will not be published.