Breaking

ৰঙা জলকীয়া বেছিকৈ খালে শৰীৰৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

0 18

ভাৰতক মছলাৰ দেশ বুলিও কোৱা হয়, কাৰণ বহু আগৰ পৰাই ভাৰতবৰ্ষই মছলাৰ বাবেই সমগ্ৰ বিশ্বক আকৰ্ষণ কৰি আহিছে। কিন্তু কিছুমান মছলা অত্যধিক গ্ৰহণে ক্ষতি কৰিব পাৰে। তেনে এটা মছলা হ’ল ৰঙা জলকীয়া, যিটো বেছিভাগেই গোটা আৰু গুড়ি ৰূপত ব্যৱহাৰ কৰা হয়। কিন্তু কিছুমান মানুহৰ অত্যধিক ৰঙা জলকীয়া খোৱাৰ অভ্যাস আছে। বেছিকৈ ৰঙা জলকীয়া খোৱাৰ অসুবিধা কি কি জানো আহক-


ৰঙা জলকীয়া অতি জনপ্ৰিয় মছলা কাৰণ যিকোনো ৰেচিপিত ৰঙা জলকীয়াই সোৱাদ বৃদ্ধি কৰে। জলকীয়াৰ মছলা অবিহনে দাইলকে ধৰি বহু ব্যঞ্জন আধৰুৱা যেন লাগে। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞৰ মতে আপুনি এই মছলা অতিমাত্ৰা গ্ৰহণে বহু ৰোগৰ জন্ম দিয়ে।


ৰঙা জলকীয়া খালে ডায়েৰিয়া ৰোগ হ’ব পৰাে, আমাৰ পেটৰ বাবে ই একেবাৰেই উপকাৰ নহয়, সীমিত পৰিমাণতহে খাব লাগে।

ৰঙা জলকীয়াই হজম শক্তিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত পেটত এচিডিটি হ’ব পাৰে আৰু একাংশ লোকে হাৰ্টবাৰ্ণো হ’ব পাৰে। যদি আপোনাৰ এনে সমস্যা আছে তেন্তে ৰঙা জলকীয়া খোৱাৰ বন্ধ কৰক।

সাধাৰণতে চিকিৎসকে ৰঙা জলকীয়া যিমান পাৰি কমকৈ খাবলৈ পৰামৰ্শ দিয়ে কাৰণ ইয়াৰ ফলত পেটৰ ঘা হোৱাৰ আশংকা থাকে। বিশেষকৈ ৰেড চিলি পাউদাৰ অতি বিপদজনক। ইয়াৰ কণাবোৰ পেট আৰু অন্ত্ৰত লাগি আলচাৰৰ সৃষ্টি কৰে।

Leave A Reply