ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি

ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি।

দুৰ্নীতিত লিপ্ত প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ ৫৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত।

৫৩.২৮ কোটি টকা মূল্যৰ স্থাৱৰ সম্পত্তি জব্দ।

গুৱাহাটীৰ পল্টনবজাৰৰ হোটেল ভাৰ্গৱ, ভাৰ্গৱ ইন, লখৰাৰ হোটেল ভাৰ্গৱ, গড়চুক বেটকুছিৰ ভাৰ্গৱ গ্ৰেণ্ড আৰু মুম্বাইৰ দুটা অট্টালিকা জব্দ কৰে তদন্তকাৰী সংস্থাৰ।

গুৱাহাটী, মুম্বাইত থকা হোটেল আৰু বাসগৃহ জব্দ EDৰ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ মূল অভিযুক্ত আছিল প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত।

চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল প্ৰশান্ত কুমাৰ দত্তক।

পশ্চিম বংগ আৰক্ষীয়ে ২০২০ চনৰ ৬ অক্টোবৰত নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিষয়াজনক।

Related Articles