মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…

প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগীৰ আলমক তেওঁৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে। ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে মঙলবাৰে ইডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল। তেওঁ পুৱা প্ৰায় ১১ বজাত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। ইডিয়ে যোৱা সপ্তাহত আলমৰ ব্যক্তিগত সচিব আৰু ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ কুমাৰ লাল আৰু লালৰ ঘৰুৱা সহায়ক জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিছিল। জাহাংগীৰ আলমে বাস কৰা এটা ফ্লেটৰ পৰা ৩২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰা হৈছিল।


৭০ বছৰীয়া আলমক মঙলবাৰে ৰাঁচীত ইডিৰ আঞ্চলিক কাৰ্যালয়ত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত তেওঁৰ বক্তব্য লিপিৱদ্ধ কৰাৰ বাবে সাক্ষ্য দিবলৈ মতা হৈছিল। বিষয়াসকলৰ মতে, জাহাংগীৰ আলমে স্বীকাৰ কৰিছিল যে তেওঁ “কমিছন আৰু উৎকোচৰ জৰিয়তে সংগ্ৰহ কৰা ধন”ৰ তত্ত্বাৱধান কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰতি মাহে প্ৰায় ১৫,০০০ টকা দৰমহা লাভ কৰিছিল। মন্ত্ৰী আলমগীৰেই জাহাংগীৰক তেওঁৰ পি এছ সঞ্জীৱ কুমাৰ লালৰ বাসগৃহত লগুৱা হিচাপে নিযুক্ত কৰিছিল। ইয়াৰ পূৰ্বে জাহাংগীৰে কেইদিনমানৰ বাবে মন্ত্ৰীজনৰ বাসগৃহতো কাম কৰিছিল।

সঞ্জীৱ কুমাৰ লালে ভাড়া লৈছিল ৰাঁচীৰ ছাৰ চৈয়দ ৰেচিডেন্স এপাৰ্টমেণ্টৰ এটা ফ্লেট। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সঞ্জীৱে জাহাংগীৰক এদিন বা দুদিনৰ মূৰে মূৰে টকাৰ মোনা থবলৈ দিছিল। ইডিয়ে সঞ্জীৱৰ বাসগৃহৰ পৰা ১০ লাখ টকা আৰু তেওঁৰ পত্নীৰ নিৰ্মাণ কোম্পানীৰ অংশীদাৰ মুন্না সিঙৰ বাসগৃহৰ পৰা ২.৯৩ কোটি টকা জব্দ কৰিছে৷ অৱশ্যে, সঞ্জীৱে প্ৰথমতে জাহাংগীৰৰ ফ্লেটৰ পৰা পোৱা ধন তেওঁৰ নহয় বুলি কৈছিল। কিন্তু প্ৰমাণ পোৱাৰ ইডিয়ে সঞ্জীৱক গ্ৰেপ্তাৰ কৰিছিল৷ আমোলাসকলৰ বদলি-নিযুক্তি আদিৰ নামতো মন্ত্ৰীগৰাকীৰ লগতে তেওঁ সচিবে উৎকোচ লৈছিল।

Related Articles