Breaking

Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰাৰ কাৰ্যকাল বৃদ্ধি। তৃতীয়বাৰৰ বাবে বৃদ্ধি হ’ল মিশ্ৰাৰ কাৰ্যকাল।

0 55

Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ১৯৮৪ বেটচৰ আইআৰএছ(IRS) বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ চাকৰি কাল  ১৮ নৱেম্বৰ, ২০২৩ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। 
২০১৮ চনৰ  ১৯ নৱেম্বৰত মিশ্ৰক দুবছৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) সঞ্চালক হিচাপে নিযুক্তি দিয়া  হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত মিশ্ৰৰ দুবছৰীয়া কাৰ্যকাল তিনি বছৰলৈ বৃদ্ধি কৰিছিল। 
যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধ্যাদেশত ইডি আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ৰ সঞ্চালকসকলৰ কাৰ্যকাল দুবছৰৰ বাধ্যতামূলক ম্যাদৰ পিছত তিনি বছৰলৈ বৃদ্ধি কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। ইয়াকেলৈ সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে।
 বৃহস্পতিবাৰে চৰকাৰে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে, “কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰিছে।” উল্লেখ্য ইডিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত কাম কৰি আহিছে। দেশৰ বিত্তীয় অনিয়ম সমপকীয় গোচৰ সমূহৰ তদন্ত ইডিয়ে কৰি আহিছে।

Leave A Reply