Breaking

সপ্তম বাৰৰ বাবে ইডিৰ চমন অৰবিন্দ কেজৰিৱাললৈ…

0 34

অৰবিন্দ কেজৰিৱালক জেৰা কৰিব বিচাৰিছে ইডিয়ে। কিন্তু ইয়াৰ বাবে সাজু হোৱা নাই দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক। শেহতীয়াকৈ কেজৰিৱালে ষষ্ঠবাৰৰ বাবে হাজিৰ হ’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত আপে কৈছিল যে বাৰে বাৰে চমন প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইডিয়ে আদালতৰ সিদ্ধান্তলৈ অপেক্ষা কৰিব লাগে।

দিল্লীৰ আবকাৰী নীতি অৰ্থাৎ সুৰা পলিচীত সংঘটিত কেলেংকাৰীৰ অভিযোগত আজি ইডিয়ে সপ্তমটো চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। শেহতীয়া চমনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰীক ২৬ ফেব্ৰুৱাৰী (সোমবাৰ) হাজিৰ হ’বলৈ কৈছে। লক্ষণীয় যে ইডিয়ে ইতিমধ্যে কেজৰিৱালক ৬টা চমন জাৰি কৰিছে যদিও তেওঁ কেজৰিৱালক সোধা-পোছাৰ বাবে যোৱাৰ পৰা বিৰত আছে। ইডি চমনক কেজৰিৱাল আৰু তেওঁৰ সমগ্ৰ দলে সৰ্বসন্মতিক্ৰমে অবৈধ, ভুল আৰু অসাংবিধানিক আখ্যা দিছিল।


Leave A Reply