Breaking

ইডিৰ চমন অবৈধ, ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ অৰবিন্দ কেজৰিৱাল

0 36

সুৰা নীতিৰ গোচৰত জাৰি কৰা ইডিৰ চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ এই চমনো পূৰ্বৰ চমনৰ দৰেই অবৈধ।

তেওঁ লগতে কয়, “ইডিয়ে এই চমন প্ৰত্যাহাৰ কৰা উচিত…ই ৰাজনৈতিকভাৱে প্ৰেৰিত। মই মোৰ জীৱনটো সততাৰে কটালোঁ।” উল্লেখযোগ্য যে আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই।

উল্লেখ্য যে দিল্লী আবকাৰী গোচৰত সোধা-পোছাৰ বাবে বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) ইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা ইডিৰ দ্বিতীয়টো চমন প্ৰত্যাহাৰ কৰিলে কেজৰিৱালে।

ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ এদিন পূৰ্বে কেজৰিৱালে ১৮ ডিচেম্বৰ সোমবাৰে চমন লাভ কৰাৰ পূৰ্বে চূড়ান্ত কৰা এক কাৰ্যসূচী অনুসৰি দিল্লী এৰি বাহিৰলৈ যায় বুলি খবৰ প্ৰকাশ পাইছে।

Leave A Reply