Breaking

নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ ড° ৰনুজ পেগু

0 1,184

নাজিৰাৰ দুখনকৈ আদৰ্শ বিদ্যালয় উদ্বোধন কৰিবলৈ আহি আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনুজ পেগু পূৰ্বে পঢ়ি যোৱা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত দুপৰীয়া উপস্থিত হয় ৷১৯৭৩ চনত ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰি ১৯৭৬ চনত অষ্টম শ্ৰেণীৰ পৰা অন্য বিদ্যালয়লৈ যোৱা ডা° ৰনোজ পেগু আজি প্ৰাক্তন ছাত্ৰ হিচাপে নাজিৰাৰ শতবৰ্ষ গৰকা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰে ৷বিদ্যালয়ৰ শিক্ষক ,শিক্ষয়িত্ৰী ,ছাত্ৰছাত্ৰীয়ে সম্বৰ্দ্ধনা জনোৱা সময়তে প্ৰাক্তন ছাত্ৰ তথা নাজিৰাৰ বিধায়ক দেবব্ৰত শইকীয়া ,বিজেপিৰ নেতা ময়ুৰ বৰগোহাঁই ,জিলা উপায়ুক্ত তথা থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত আছিল৷

প্ৰাক্তন ছাত্ৰ ডা° ৰনোজ পেগুৱে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়াৰ সময়ৰ ৰেজিষ্টাৰ বহীত নাম চাই নষ্টালজিয়া হৈ পৰে আৰু সেই সময়ত পঢ়াত বেয়া আছিল বুলি মন্তব্য কৰে৷

Leave A Reply