Breaking

সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

0 2,053

শিক্ষাৰ সংস্কাৰৰ দাবী লৈ শিক্ষামন্ত্ৰীৰ ওচৰত ৩৪ টা ছাত্ৰ সংগঠন

শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ সংগঠনৰ বিশেষ দাবী :

● শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈ আহ্বান।
●জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষাৰ প্ৰস্তাৱ।
●বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক বাধ্যতামূলকভাৱে নিয়ন্ত্ৰণ কৰাৰ দাবী৷
●চৰকাৰী আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সকলো আধুনিক ব্যৱস্থাৰে চৰকাৰী শিক্ষা ব্যৱস্থাক গঢ় দিয়াৰ দাবী৷
●যিবোৰ অঞ্চলত যি ভাষাৰ লোকে বাস কৰে, সেই অঞ্চলত সেই ভাষাতে বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন।
●বিশেষ অঞ্চলৰ কৃতি শিক্ষক, পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ দাবী৷
●শ্বহীদৰ নামত,বিশিষ্ট নাগৰিকৰ নামত থকা আৰু ৫০বছৰ হৈ যোৱা শিক্ষানুষ্ঠান চলাই নিয়াৰ আহ্বান।
●খালী হ’বলগীয়া ২৫,০০০ পদ শীঘ্ৰে পূৰণ কৰাৰ আহ্বান।
●পুৱাৰ শাখা, দিনৰ শাখা আৰু সন্ধিয়া শাখা খুলি হ’লেও সকলোকে উচ্চ শিক্ষা দিয়াৰ আহ্বান।
●শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান।বিদ্যালয়সমূহত স্থায়ী নিযুক্তি দিব লাগে।
●বিদ্যালয়সমূহত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা এক সমিতি গঠন কৰি মূল্যায়নৰ ব্যৱস্থা কৰাৰ আহ্বান।
●প্ৰতিখন মাতৃভাষাৰ প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিকৰ পৰা খুলিব লাগে তথা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে বুলিও দাবী।
●শিক্ষক-শিক্ষয়িত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা আঁতৰাই ৰাখিব লাগে।
●মাতৃভাষাৰ বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিব লাগে।
●মহাবিদ্যালয়সমূহৰ পদ পূৰণ কৰিব লাগে।নতুন নতুন বিষয় মহাবিদ্যালয়সমূহত আনিব লাগে।
●মহাবিদ্যালয়সমূহত আসন বৃদ্ধি কৰি স্নাতকোত্তৰ স্তৰ স্থাপন কৰিব লাগে।
●বিশ্ববিদ্যালয় সমূহক প্ৰথম পৰ্যায়ত ২০০ কোটি টকাকৈ প্ৰদান কৰিব লাগে।
●সোণাপুৰত জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ আহ্বান।
●বীৰ ৰাঘব মৰাণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিব লাগে।
●প্ৰতিখন জিলাত ইঞ্জিনীয়াৰিং কলেজ খুলি তুন নতুন বিষয় আনিব লাগে।
●প্ৰতিখন জিলাত আইন মহাবিদ্যালয় কৰিব লাগে।
●প্ৰাদেশিকীকৰনৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
●ছেবা আৰু AHSEC এ নম্বৰ দিয়াৰ ব্যৱস্থাটো সলনি কৰিব লাগে।

Leave A Reply