Breaking

ৰঙাগড়াত শৈক্ষিক সজাগতা আৰু শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠান

0 108

১৫ ডিচেম্বৰত চচেং ধেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগড়াৰ ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজ আৰু ৰঙাগড়া চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় চৌহদত অনুষ্ঠিত হয় এক শৈক্ষিক সজাগতা আৰু প্ৰতিযোগীতা অনুষ্ঠান। কাৰ্বি ছাত্ৰ সন্থা ৰঙাগড়া শাখা সমিতি আৰু ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত ৰঙাগড়া অঞ্চলৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।


ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজৰ সহকাৰী অধ্যাপক জনাৰ্দন পাটৰ আৰু কাৰ্বি ছাত্ৰ সন্থা, ৰঙাগড়া শাখা সমিতিৰ সভাপতি হাৰমন চিংনাৰে আঁত ধৰা অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ সদস্যা তথা ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজৰ সভাপতি কাচে ৰংপিপীয়ে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুদ্ধ টেৰাং অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি ছাত্ৰ সন্থাৰ ডিবেটিং চেক্ৰেটেৰি বাৰ্ণাবাচ কিলিং, ৰংমংৱে আৰক্ষী থানাৰ আৰক্ষী বিষয়া জিৱন মাৰাক, সমাজকৰ্মী বিদ্যাৰাম ৰংপি, ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজৰ সম্পাদক কমল চিং টেৰণ আৰু অন্যান্যসকল। অনুষ্ঠানৰ আৰম্ভণিত প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰয়াত ভুৱন চন্দ্ৰ টেৰাং, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবি, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক গান্ধীৰাম তিমুঙৰ সোঁৱৰণত স্মৃতি তৰ্পন কৰে ক্ৰমে কাৰ্বি লাম্মেত আমেইৰ প্ৰাক্তন সাধাৰণ সম্পাদক জৰ্জ ৰংহাং, কাৰ্বি ছাত্ৰ সন্থা ৰঙাগড়া সমিতিৰ উপদেষ্টাদ্বয় ধনচিং টেৰাং, গৌতম টেৰাঙে। শৈক্ষিক প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ৰঙাগড়া। চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজু তিচ’ই।

Leave A Reply