Breaking

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২

0 1,187

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত উইচডম স্কুল প্ৰাঙ্গনত আজি “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান অনুষ্ঠিত হয়৷এই উপলক্ষে পুৱা ১১ বজাত উইচডম স্কুলৰ ওৱাল মেগাজিন ” Cataly Reflection” শুভ উন্মোচন কৰা হয়। উন্মোচক হিচাপে অনুষ্ঠানটোত উপস্থিত আছিল খাৰুৱাবান্ধ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ওৱালিউল ইছলাম। অসম জাতীয় সংগীতৰে আৰাম্ভ হোৱা “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী শুভ উন্মোচন আৰু কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ অনুষ্ঠান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী লেখক তথা হাটশিঙিমাৰী কলেজৰ অধ্যক্ষ জহিৰুল ইছলাম।তেখেতে “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী উন্মোচনক হিচাপে উপস্থিত থাকি ভাষণ প্ৰসঙ্গত কয় যে, এটা সময়ত আমি জানিছিলো টিহু পাটশালা অসমৰ বহল শিক্ষা জগতত হচপট কেন্দ্ৰ। আমি আজিৰ প্ৰেক্ষাপটত কেৱল পিচপৰা অঞ্চল বুলি ভাবি থকাৰ সময় উকলিল কাৰণ আমি এতিয়া ভাবিব পাৰো আমাৰ
হাটশিঙিমাৰী খন আনুষ্ঠানিক শিক্ষাৰ হছটপ কেন্দ্ৰ তথা হছপট কেন্দ্ৰ বুলি কলে ভুল নহব। কিন্তু আমি লক্ষ্য কৰিছো অনা-আনুষ্ঠানিক শিক্ষাৰ ফালৰ পৰা অতিপিছ পৰা। কলা,সংস্কৃতি,সাহিত্য আদিৰ চৰ্চা নাই বুলি কলেও ভুল নহব। লগতে কয় যে আমি আশাবাদী এই “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী খনে যাতে অনা-আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সৃষ্টি কৰে। সভাত উপস্থিত থকা বিশিষ্ট অতিথি অধ্যক্ষ ওৱালিউল ইছলামে যে আগৰ দিন উকলিল এতিয়া আমি আৰ্থিক দৰিদ্ৰ নহয় কিন্তু আমি এতিয়াও কলা সংস্কৃতিত বহুত বহুত দৰিদ্ৰ।

সভাত উপস্থিত থকা আনগৰাকী অতিথি অৱসৰ প্ৰাপ্ত শিক্ষক ইমদাদূল ইছলাম মণ্ডলে কয় যে, জিলা খনত প্ৰথম বাৰৰ বাবে মহিবুল মণ্ডলৰ সম্পাদনাত শৈক্ষিক দিশৰ “শৈক্ষিক ভাৱনা” মাহেকীয়া আলোচনী প্ৰকাশ পোৱাত জিলা খনৰ মান নিশ্চত ভাবে অনাগত দিনত যে শিক্ষাৰ মান আৰু উন্নত হ’ব এয়া তাৰ শুভ আৰাম্ভ মাথোঁ।শৈক্ষিক ভাৱনা” আলোচনীৰ সম্পদক
মহিবুল মণ্ডলে কয় যে , এই আলোচনী খনৰ জড়িয়তে অঞ্চলটোৰ সাহিত্যৰ ৰচনা অথবা আলোচনী আদিৰ প্ৰণয়ন প্ৰকাশন আদিৰ বিষয়ে অঞ্চলটোৰ নতুন লেখক- লেখিকা,কলা-কুশলীসকলৈ এক নতুন বাট মুকলি হ’ব। লগতে সভাত উপস্থিত থাকে অঞ্চলটোৰ ভালে সংখ্যক বিদ্যালয়ৰ অধ্যক্ষ সকল।উল্লেখ্য যে, অনুষ্ঠানটোত কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা – ২০২২ হিচাপে অঞ্চলটোৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মেহেৰুন নেছা’ছ আদৰ্শ শিক্ষক- শিক্ষয়িত্ৰী বঁটা প্ৰদান কৰা হয়।

Leave A Reply