Breaking

ধৈৰ্য্য আৰু একাগ্ৰতাৰ ফল। এবাৰ দুবাৰ নহয়, ১০বাৰ চেষ্টা কৰি গুগলত (Google) চাকৰি ল’লে বাংগালুৰুৰ এডভিন ৰয় নেটোৱে(Advin Roy Netto)।

0 83

ধৈৰ্য আৰু অধ্যৱসায়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি দিয়ে৷ সেই শক্তিৰেই সফলতা লাভ কৰিলে বেংগালুৰুৰ এজন যুৱকে৷  বাৰে-বাৰে বিফল হৈছিল তেওঁ । কিন্তু বেংগালুৰুৰ এডভিন ৰয় নেটোৱে চেষ্টা এৰি দিয়া নাছিল। সেই নেৰা-নেপেৰা চেষ্টাই সফলতাৰ ৰূপ পালে বাৰ বছৰৰ পিছত৷ আৰু তেওঁ নিযুক্তি লাভ কৰিলে   ‘সপোনৰ কোম্পানী’ গুগলত৷  এডভিন পেছাত এজন ডিজিটেল ডিজাইনাৰ৷  এডভিনে ২০০৭  চনত এনিমেচন আৰু গ্ৰাফিক ডিজাইনিংত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮  চনৰ পৰা, তেওঁ এটা স্থানীয় কোম্পানীত ৱেব ডিজাইনাৰ হিচাপে কাম কৰা আৰম্ভ কৰে। তাত প্ৰায় ডেৰ বছৰৰ অভিজ্ঞতাৰ বাবে কাম কৰাৰ পিছত, তেওঁ গুগলত চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন নাকচ কৰা হৈছিল। এনেদৰে, ১০ বাৰ আবেদন কৰাৰ পিছত,  অৱশেষত তেওঁলৈ ফোন আহিল গুগলৰ পৰা৷  গুগলত চাকৰি পোৱাতকৈ হয়তো বেছি প্ৰশংসা কৰিব লাগিব  এডভিনৰ ধৈৰ্য আৰু অধ্যৱসায়ক৷  গুগলত চাকৰি পোৱাৰ ভাল খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে, এডভিনে তেওঁৰ সফলতাৰ মন্ত্ৰও ভাগ বতৰা কৰে। “প্ৰতি বছৰে, মই দেখিছিলো যে মোৰ আবেদন নাকচ কৰা হৈছে। কিন্তু মোৰ মনোবল নোহোৱাকৈ, মই ক’ত ভুল কৰি আছোঁ জানিবলৈ চেষ্টা কৰিছিলো। মই সেই ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰি আছিলো। ” এনেদৰেই নিজৰ সফলতাৰ আঁৰৰ কথাবোৰ সকলোকে জনাইছিল এডভিনে৷ 
উল্লেখযোগ্য যে এই চাকৰিৰ বাবে এক লক্ষাধিক মানুহে আবেদন কৰিছিল৷ ইয়াৰে ১৪৪ জনকহে নিৰ্বাচিত কৰা হৈছিল৷ এই ১৪৪ জনৰ ভিতৰত এডভিনৰ নামো আছিল৷ ধৈৰ্যৰ ফল যে মিঠা সেইয়া এডভিনৰ ক্ষেত্ৰত পুনৰবাৰ প্ৰমাণ হ’ল৷ 

Leave A Reply