Breaking

শীতকালত সুস্বাস্থ্যৰ বাবে বেঙেনা খোৱাৰ প্ৰয়োজন…

0 59

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ –

  • ফাইবাৰ হ’ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।
  • বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।
  • বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।
  • বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।

  • হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।
  • বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি ।

  • যদিহে আপুনি অৱসাদৰোধী(Antidepressant) ঔষধ গ্ৰহণ কৰে, তেন্তে বেঙেনা খোৱা উচিত নহয় । কাৰণ এনে অৱস্থাত ই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰে ।
  • বেঙেনা নাইটশ্বেড পৰিয়ালৰ অন্তৰ্গত, সেয়ে ইয়াক খালে কেতিয়াবা এলাৰ্জি হব পাৰে ।

  • আমি জানো যে বেঙেনাত প্ৰচুৰ পৰিমাণৰ গুটি পোৱা যায় । এই গুটিবোৰে আমাৰ পেটলৈ গৈ অপকাৰ সাধন কৰিব পাৰে । সেয়ে পেটৰ কিছুমান গুৰুতৰ ৰোগত ভোগা ব্যক্তিসকলে বেঙেনা খোৱা উচিত নহয় ।
  • বেঙেনাৰ গুটিবোৰৰ বাবেই দন্তৰোগত আক্ৰান্ত ব্যক্তিসকলে ইয়াক খোৱাটো হানিকাৰক ।
  • পিছলপ্ৰকৃতিযুক্ত হোৱাৰ বাবে মৃগীৰোগীসকলৰ ক্ষেত্ৰতো বেঙেনাক এবিধ বিৰুদ্ধ আহাৰ বুলি গণ্য কৰা হয় ।
  • তেলত ভজা বেঙেনা খাবলৈ বহুত ভাল লাগে, যদিও ভাজি খালে ইয়াৰ স্বাস্থ্য সমন্ধীয় লাভালাভ নোহোৱা হৈ যায় । কাৰণ বেঙেনাই অধিক তেল শোষণ কৰে, যি ওজন বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ বাবে হানিকাৰক হব পাৰে । ইয়াৰ সলনি বেঙেনা সিজাই খালে ইয়াৰ পোষক তত্বসমূহ অটুট থাকে আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাও নহয় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া

Leave A Reply