Breaking

ঈদৰ প্ৰাকক্ষণত নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্রিক ভয়ংকৰ মাৰপিট ! গুৰুতৰভাৱে আহত উভয় পক্ষৰ ৪ জনকৈ লোক…

0 19

ঈদৰ প্ৰাকক্ষণত নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্রিক ভয়ংকৰ মাৰপিট । প্ৰচণ্ড মাৰপিট ফলত গুৰুতৰভাৱে আহত উভয় পক্ষৰ ৪ জনকৈ লোক । গাঁওখনৰ স্বৰ্গীয় বাৰু মণ্ডলৰ কণ্যা আৰু পুত্ৰ সন্তান সকলৰ মাজত চলি আছিল ভূমি কেন্দ্ৰিক বিবাদ । আজি এই বিবাদে চুড়ান্ত ৰূপ লয়।উভয় পক্ষৰ মাজত দা লাঠি আদিৰে হোৱা প্ৰচণ্ড মাৰপিটত উভয় পক্ষৰ চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ।

আহত সকলক ততাতৈয়াকৈ স্থানীয় টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সেই সময়ত চিকিৎসালয় খনত নাছিল চিকিৎসক । বিগত ১ মাহে চিকিৎসালয়খনত চিকিৎসক নথকাৰ ফলত অসুবিধাত পৰিছে ৰোগী সকল।উল্লেখ্য যে চিকিৎসক অবিহনেই চলি আছে স্বাস্থ্য কেন্দ্ৰটো । ইপিনে স্বাস্থ্য কেন্দ্ৰটোৰ এম্বুলেঞ্চ খনতো নাই পৰ্যাপ্ত সা সুবিধা। ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

স্মৰ্তৱ্য যে চিকিৎসক নথকা হেতুকে আটাইকেইগৰাকী ৰোগাকে চিকিৎসালয়খনৰ ফাৰ্মাচীষ্টে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ সোণতলী আৰু নগৰবেৰালৈ প্ৰেৰণ কৰে । আহত মজিদ আলী, আজাদ আলী, মনোৱাৰ হুছেইন আৰু শ্বহিদুল ইছলামৰ অৱস্থা বৰ্তমান সংকটজনক ।ঈদৰ প্ৰাকক্ষণত সংখ্যালঘু অধ্যুষিত অঞ্চলত সংঘটিত হোৱা এনে মাৰপিটৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply