Breaking

বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত ৮০ তম বাৰ্ষিক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

0 84

বিগত বছৰৰ দৰে এইবাৰো কমলপুৰৰ নিকটবৰ্তী বৰগাঁৱৰ ভূতাত্ত্বিক ভাবে আৰু ঈশ্বৰক গুণ গৰিমাৰে সমৃদ্ধ বৰশিল আশ্ৰমত বৰগাঁও আৰু নিকটবৰ্তী আঞ্চলিক ৰাইজে মিলি অহা ২১,২২ আৰু ২৩ ফাগুন ১৪২৯ ভাস্কৰাব্দ ইং ৬,৭আৰু ৮ মাৰ্চ তাৰিখে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ মহোৎসৱৰ উদযাপনৰ প্ৰস্তুতি চলাইছে ।প্ৰথম দিনৰ কাৰ্য সূচী হিচাপে ৰাতিপুৱা ৬ বজাত বিষ্ণু হোম পৰিচলনা সমিতি আৰু জ্ঞান বিকাশ পুথিভঁৰাল আৰু সংঘৰ দ্বাৰা পতাকা উত্তোলন ,৮-০০ বজাত শ্ৰী শ্ৰী বৰশিল আশ্ৰমৰ পতাকা উত্তোলন,৮-৩০ বজাত মুখ্যদ্বাৰ উন্মোচন ,৯-০০বজাত উত্তৰ দিশৰ তোৰণ উন্মোচন , ৯-৩০ বজাত দক্ষিণ দিশৰ তোৰণ উন্মোচন ,১০-০০ বজাত স্মৃতি তৰ্পণ,১১-০০ বজাত বৃক্ষ ৰোপন,দুপৰীয়া ৩_৩০ বজাত দানপাত্ৰ উন্মোচন ,সন্ধিয়া ৬ -০০ বজাত বন্তি প্ৰজ্বলন,৬-৩০ বজাত মেষ দাহন,৭-০০ বজাত আৰিয়া বৰণ আৰু প্ৰজ্বলন । আৰিয়া বৰণ আৰু প্ৰজ্বলনত উপস্থিত থাকিব কমল পুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।নিশা ১০ -০০ বজাত মঞ্চ উদ্বোধন আৰু ১০-৩০ বজাত বিষ্ণু জ্যোতি নাট্য পৰিষদৰ দ্বাৰা নাট্যভিনয়।দ্বিতীয় দিনাৰ কাৰ্য সূচী অৰ্থাৎ ৭ মাৰ্চ তাৰিখে ফাইফ ষ্টাৰ ক্লাব আৰু পূব বৰগাঁও নৱ মিলন সংঘৰ দ্বাৰা পৰিবেশ নিকাকৰণ ,ৰাতিপুৱা ৬-৩০ পূজা আৰম্ভ,৯-৩০ বজাত হৰে কৃষ্ণ নাম কীৰ্তন,১০-৩০ বজাত আয়তিৰ নাম ,১১-৩০ বজাত ধৰ্ম ধবজা উত্তোলন।

উত্তোলন কাৰ্যসূচীত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ড০ চিদানন্দ শৰ্মা,আই আই টি,গুৱাহাটী ।দিনৰ ১২-০০ বজাত হলী গীত পৰিৱেশন স্থানীয় শিল্পীৰ দ্বাৰা।১২-৩০ বজাত অতিথিৰ অভাৰ্থনা আৰু সম্বৰ্ধনা,১-০০ বজাত হোম পুষ্পঞ্জলি প্ৰদান,দিনৰ ১-৩০ বজাত চিৰ বিদায়ী সমাজ কৰ্মী সকলৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা ,২ -০০ বজাত প্ৰসাদ আৰু মহাভোগ বিতৰণ ,সন্ধিয়া ৬-৩০ বজাত নাগাৰা নাম উদ্বোধন ।৮ মাৰ্চ তাৰিখে ৰাতিপূৱা ৮-৩০ বজাত ফাকুৱা খেল আৰম্ভ ,ৰাতিপুৱা ১১-০০ বজাত পদুলিয়ে পদুলীয়ে গোসাই ভ্ৰমন ,আবেলি ৪-০০ বজাত মন্দিৰত গোঁসাই স্থাপন আৰু হৰেকৃষ্ণ নামেৰে দৌল উত্সৱ সমাপন ।উক্ত তিনিটা দিনৰ কাৰ্য সূচীতে ৰাইজৰ সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

Leave A Reply