Breaking

গেলাবিল ৰাজহুৱা নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

0 2,057

” বোলা হৰি  হৰি নাম মুকুন্দ  মুৰাৰি । বিনা হৰি নামে ভক্ত তৰিতে নাপাৰি ।। ”  বিটিআৰৰ  পূৱ  ওদালগুৰি  শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে ৰঘু নাথ বৈশ্যক সভাপতি আৰু পংকজ বৰাক সম্পাদক হিচাপে নিৰ্বাচিত কৰি গঠন কৰা  উদযাপন সমিতিয়ে ।পূৱ গেলাবিল শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰখনৰ উদ্যোগত  অহা  ২২ অক্টোবৰত গেলাবিল ৰাজহুৱা নামঘৰখনৰ  প্ৰাঙ্গণত  অনুষ্ঠিত হ’ব এই   প্ৰতিষ্ঠা দিৱস  । এদিনীয়া  বৰ্ণাঢ্য কাৰ্যক্ৰমণিকা অনুসৰি  ২২ অক্টোবৰৰ  পুৱা ৫ বজাত জাগৰণ , পুৱা ৫ -১৫ বজাত পৰিৱেশ নিকাকৰণ,  পুৱা ৫ ৩০ বজাত  আইসকলৰ  নিত্য প্ৰসঙ্গ আৰু পুৱা  ৬ -৩০ বজাত বাপসকলৰ নিত্য প্ৰসঙ্গ । ইয়াৰ পাছতে পুৱা ৭ -৩০ বজাত  শৰাই অৰ্চনা কৰাৰ পাছতে  পুৱা  ৮  বজাত পূব ওদালগুৰি শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ আঞ্চলিক  সমিতিৰ সভাপতি নোৱাৰাম কোচে  ধৰ্মধব্জা  উত্তোলন কৰাৰ  লগে লগে পুৱা ৮ ৩০ বজাত  বৃক্ষ ৰোপণ  কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ওৰাং আৰক্ষী থানাখনৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষযা  প্ৰেমাংকু  হাজৰিকাই । পুৱা  ৯ বজাত ভকতক আদৰণি  । পুৱা  ৯ -৩০  বজাত সমূহীয়া নাম প্ৰসঙ্গ । এই নামভাগি পৰিচালনা কৰিব ২ নম্বৰ বটাঁবাৰী  সত্ৰৰ পাঠক নৰেন  ডেকা বাপে । দিনৰ ১১-৩০ বজাত ৰাজহুৱা সেৱা  আৰু মাহ প্ৰসাদ বিতৰণ  ।  দুপৰীয়া ১২ বজাত মহাপ্ৰসাদ বিতৰণৰ পাছতে দূপৰীয়া ১২ -৩০ বজাৰ  পৰা মুকলি  ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব  । নোৱাৰাম কোচে সভাপতিত্ব কৰা সভাখন  উদ্ধোধন কৰিব ৰাষ্ট্ৰপতি বটাঁ প্ৰাপ্ত অৱসৰী শিক্ষক কৃষ্ণ কান্ত বৰাই । সভাখনত  নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট শিল্পী,  সাহিত্যিক  চমৰীয়া সত্ৰৰ ৰামমুৰাৰী গোবিন্দ বৈশ্যই ।  ওদালগুৰি হৰিশিঙাৰ  যুৱ বক্তা বিবেক কুমাৰ দাসে উপষ্ঠিত থাকি বক্তব্য আগবঢ়োৱাৰ উপৰিও বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি সাৰুৱা বক্তব্য আগবঢ়াব গুৱাহাটী উজানবজাৰৰ সমাজ সেৱক গৌৰৱ জ্যোতি পাঠকে । ৭০ নম্বৰ  মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো  আৰু শিক্ষক বিনোদ বৈশ্য ,  ডালিম কছাৰী,  প্ৰিয়ংকা শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট অতিথি ৰূপে  সভাখনত উপস্থিত থাকি  পূব ওদালগুৰি শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ এই চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুকলি ধৰ্মালোচনী সভাত ভাষণ দিয়াৰ শেষত  আবেলি ৪ বজাত  আয়তী সকলৰ থিয়নাম প্ৰদৰ্শন কৰা হ’ব  ।  সন্ধিয়া ৫ -১৫ বজাত  ধৰ্মীয় পতাকা  অৱতৰণ কৰি  সন্ধিয়া ৫-৩০ বজাত  সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ পাছতে জয় গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ বিশ্ব কালান্তক  কভিড ১৯ মহামাৰীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী নীতি – নিৰ্দেশনা প্ৰক্ৰিয়া মানি চলা  ধৰ্মীয় সমূহীয়া অনুষ্ঠানৰ সামৰণি পৰিব  । গতিকে এই অনুষ্ঠানত ওদালগুৰি জিলাখনৰ বাপ- বান্ধৱ, আই- মাতৃকে ধৰি সকলো ধৰ্মপ্ৰাণ ৰাইজকে  উপস্থিত  থাকি সহায় – সহযোগ তথা  দিহা পৰামৰ্শ প্ৰদান কৰিবলৈ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ সম্পাদক ভোলাৰাম ডেকাই   আন্তৰিকতাৰে আহ্বান  জনাইছে ।

Leave A Reply