Breaking

দেশৰ নিৰ্বাচন আয়োগে মুকলি কৰিলে ‘সুবিধা’ শীৰ্ষক প’ৰ্টেল…

0 15

দেশব্যাপী সক্ৰিয় হৈ আছে ‘সুবিধা’ শীৰ্ষক প’ৰ্টেল। দেশৰ নিৰ্বাচন আয়োগে মুকলি কৰিছে এই প’ৰ্টেল। ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ সুবিধাৰ বাবেই ‘সুবিধা’ প’ৰ্টেল। বিগত ২০ দিনত সমগ্ৰ দেশত ৭৩,৩৭৯ আবেদন দাখিল প’ৰ্টেলত।

ইয়াৰে ৪৪,৬২৬খন আবেদনত অনুমোদন নিৰ্বাচন আয়োগৰ। সমগ্ৰ দেশত নাকচ কৰা হৈছে ১১,২০০খন আবেদন। লগতে বাতিল কৰা হৈছে ১০,৮১৮খন আবেদন।

২৩,২৩৯খন আবেদন দাখিলেৰে দেশৰ ভিতৰতে শীৰ্ষত তামিলনাডু। মুঠ আবেদনৰ ২,৬০৯খন আবেদন অসমৰ বিভিন্ন দল তথা প্ৰাৰ্থীৰ। সৰ্বনিম্ন ১৭খন আবেদন দাখিল চণ্ডীগড়ৰ বিভিন্ন দল তথা প্ৰাৰ্থীৰ। নিৰ্বাচন আয়োগে বিবৃতিযোগে জনালে এই তথ্য।

Leave A Reply