Breaking

হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা…

0 25

নিৰ্বাচন আয়োগৰ নিৰ্দেশঃ হোৱাটছএপত আৰু নাথাকিব ‘বিক্ষিত ভাৰত’ৰ বাৰ্তা। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে। তৃণমূলকে ধৰি একাংশ বিৰোধী ৰাজনৈতিক দলে মোডী চৰকাৰৰ এই বাৰ্তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছত আয়োগৰ এই কাৰ্য সংঘটিত হয়।নিৰ্বাচন আয়োগে মোডী চৰকাৰক ততাতৈয়াকৈ মোবাইল ফোনত ‘বিক্ষিত ভাৰত’ সম্পৰ্কে বাৰ্তা প্ৰেৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। আচৰণ বিধি বলবৎ থকাৰ সময়ত যাতে হোৱাটছএপত এনেধৰণৰ বাৰ্তা প্ৰেৰণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিছে। তৃণমূলকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে মোডী চৰকাৰৰ বাৰ্তাৰ প্ৰতিবাদ কৰাৰ পিছতে আয়োগৰ এই কাৰ্য সংঘটিত হয়।

বৃহস্পতিবাৰে আয়োগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে। জানিব পৰা গৈছে যে ১৫ মাৰ্চত নিৰ্বাচনী আচৰণ বিধি জাৰি কৰাৰ পূৰ্বে হোৱাটছএপত ‘বিক্ষিত ভাৰত’ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু প্ৰযুক্তিগত আৰু ইণ্টাৰনেট সেৱাৰ সীমাবদ্ধতাৰ বাবে এই বাৰ্তা অতি পলমকৈ নাগৰিকৰ মোবাইললৈ আহি আছে। নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ পিছতো নাগৰিকৰ এটা অংশই সেই বাৰ্তা লাভ কৰি আছে। এই বাৰ্তা প্ৰেৰণ কৰাটো অনতিপলমে বন্ধ কৰিব লাগে বুলিও আয়োগে পত্ৰখনত উল্লেখ কৰিছে। এই সন্দৰ্ভত অভিযোগ আহি আছে আয়োগলৈ। এতিয়া নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ লগে লগে এই বাৰ্তা আৰু প্ৰেৰণ কৰিব নোৱাৰিব। এই আদেশ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগে।


Leave A Reply