Breaking

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন; পুখুৰীপাৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ মাৰাথন প্ৰচাৰ অভিযান

0 1,251

নগাঁও, ১০ ডিচেম্বৰঃ “অসমত এতিয়া দুই অশুভ শক্তি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিলন ঘটিছে ৷ কংগ্ৰেছক সন্মুখত ৰাখি শাসনৰ বাঘজৰি হাতলৈ নিয়াৰ সপোন ৰছিচে এ আই ইউ ডি এফৰ পিতৃ বদৰুদ্দিন আজমলে ৷ কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া ৷ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন শক্তিশালী হোৱা মানে অসমত অসমীয়াৰ অৱস্থা কি হ’ব ভগৱানেহে জানে ৷” আজি তিৱা স্বায়ত্ত্ব পৰিষদৰ ২২ নং পুখুৰীপাৰ সমষ্টিত পুৱাৰ পৰা বিয়লিলৈকে চলোৱা মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তত জামুগুৰিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত এনেদৰে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক প্ৰতি তীৰ্যক মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়কগৰাকীয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, মহেখুছা, পুখুৰীপাৰ, জলময়গাঁও, পূৱ জামুগুৰিত দহটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বহুকেইখন নিৰ্বাচনী সভাত অংশ লয়। বিধায়িক শৰ্মাই ভাষণ প্ৰসংগত পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তোলে ৷ বিজেপিৰ এই প্ৰচাৰ অভিযানত নগাঁও জিলাৰ প্ৰভাৰী শান্তনু পূজাৰী, ২২ নং পুখুৰীপাৰ সমষ্টিৰ প্ৰভাৰী বিভুতি ভূষণ বৰঠাকুৰ, নিৰ্বাচনী প্ৰচাৰ সমষ্টিৰ বিষয়-ববীয়া নৃপেন বৰদলৈ, ধীৰেন হাজৰিকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ উপাধাক্ষ্য বিদু্ৎ বৰদলৈ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, পঞ্চায়ত সভাপতি ক্ৰমে পংকজ বৰা, দিগন্ত  কুমাৰ নাথ, ববিতা মেধি, আঞ্চলিক পঞ্চায়তৰ সভাপতি দিপাঞ্জলী কোঁৱৰ, বিজেপি নেতা সঞ্জীৱ কুমাৰ দেউৰী,  নিৰ্বাচনী সমিতিৰ প্ৰচাৰ সম্পাদক যুৱ নেতা ৰাজেশ কোঁৱৰকে ধৰি  মহিলা মৰ্চা, যুৱ মৰ্চা আৰু পঞ্চায়তৰ পদাধিকাৰীসকল উপস্থিত থাকে ৷

Leave A Reply