ঠেঙাল-কছাৰী সকলৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ২১ নং ৰূপহী-গড়পৰা পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়া বিনা প্ৰতদন্দিতাৰে জয়ী হৈছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ দুৰ্দশা অব্যাহত আছে ৷ উল্লেখ্য যে, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২ টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত ভোটদান হ’ব ৷ ইয়াৰে ২১ নং ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূৰ্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হৈছে। সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ পৰা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিছিল ৷ আৰু বিজেপিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ তেঁওৱে আছিল একমাত্ৰ প্ৰতিদন্দি ৷ কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী বিষয়াই বিজয়ী বুলি ঘোষণা কৰে ৷ দলীয় প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদন্দিতাৰে বিজয়ী হোৱাত বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকল উৎফুলিত হৈ পৰিছে ৷ বিজেপি দলৰ গোগামুখ মণ্ডলৰ সভাপতি ৰমেন দেউৰী, সম্পাদকদ্বয় দুলেন পেগু আৰু মদন চেত্ৰীয়ে দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক অভিনন্দন জনোৱাৰ লগতে নিকাভাৱে কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনাইছে ৷ ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিটোৰ পৰা পূৰ্বেও ৰাজু শইকীয়া বিজয়ী হৈছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য
- ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান
- ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস
- দৈ-কিচমিচ খালে পাচনতন্ত্ৰৰ সমস্যা কমে! কৰীনাৰ পুষ্টি বিশেষজ্ঞই ক’লে দৈ-কিচমিচৰ উপকাৰিতাৰ বিষয়ে…
- অটো-ব্ৰুৱেৰী চিণ্ড্ৰোমঃ বেলজিয়ামৰ এজন লোকৰ দেহত নিজে নিজে উৎপাদন হয় সুৰা!
- ‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…
- অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ২৬ এপ্ৰিলত অসমৰ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…
- জাতিগত লোকপিয়ল মোৰ জীৱনৰ মিছন ! কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’লে কোনো শক্তিয়ে ইয়াক বন্ধ কৰিব নোৱাৰে: ৰাহুল গান্ধী…
- হঠাৎ ধোনীৰ খং ! কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে , ভাইৰেল হৈ পৰিল ভিডিঅ’…