Breaking

চতিয়া সমষ্টিত বলিছে নিৰ্বাচনী বতাহ

0 2,042

চতিয়া সমষ্টিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা আগলৈকে সমষ্টিটোত শাসনাধিষ্ঠ চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ লগতে দলীয় সভা অনুষ্ঠিত হৈ যায়। সমষ্টিটোৰ জামুগুৰিহাটত অলপতে অনুষ্ঠিত এক দলীয় সভাত আগন্তক বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক প্ৰত্যাহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাই। অলপতে চতিয়া সমষ্টিৰ টুপীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এখন বুথ সন্মিলনত উপস্থিত থাকি সাংবাদিকৰ আগত চতিয়া সমষ্টিত কংগ্ৰেছ দল জয়যুক্ত হ’ব বুলি মন্তব্য কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতিগৰাকীক এই দৰে উভতি ধৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ৰিপুন বৰাক প্ৰত্যাহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয়- তেওঁৰ সৎ সাহস আছে যদি চতিয়ালৈ আহি আগন্তক নিৰ্বাচনত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। যি জন ৰিপুন বৰাই ৰাজ্যিক সভাপতি হৈ নিজৰ পঞ্চায়তত নিজৰ আৰ্ড মেম্বাৰকে জিকাব নোৱাৰিলে,সেইজন ৰিপুন বৰাই চতিয়াত কংগ্ৰেছ জিকোৱাৰ কথা এক অলীক কল্পনাহে। বিধায়ক গৰাকীয়ে কয়-ৰিপুন বৰা তিহাৰ জে’লৰ পৰা ওলাই অহাৰ পাছতেই মূৰৰ বিকৃতি ঘটিছে। সেইবাবেই কিছুদিন আগতে নিজ দলকে গালি পাৰি প্ৰলাপ বকিছিল। ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিজেপিৰ বাবেই শুভ লক্ষণ বুলি উল্লেখ কৰি ৰিপুন বৰাক কংগ্ৰেছত এজেন্ট কৰি ৰাখিছোঁ‌ বুলি কটাক্ষ কৰে বিধায়ক হাজৰিকাই।

Leave A Reply