Breaking

৭ নৱেম্বৰৰ পৰা দেশৰ ৫ ৰাজ্যত নিৰ্বাচন; ৮.২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰে কৰিব ভোটদান

0 58

দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে৷ অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব পাঁচখন ৰাজ্যৰ ভোটগ্রহণ প্রক্রিয়া। সেই মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগে৷ এই কথা আয়োগে উল্লেখ কৰিছে। এই পাঁচখন ৰাজ্যত ভোটগণনা ৩ ডিচেম্বৰত একেলগে অনুষ্ঠিত হ’ব। উল্লেখ্য যে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম – পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত ছত্তীশগড়ত কেৱল দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সোমবাৰে এখন সংবাদমেলত পাঁচখন ৰাজ্যত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। পাঁচখন ৰাজ্যত ভোটগ্ৰহণ ৭ নৱেম্বৰত আৰম্ভ হ’ব। সেই দিনা ছত্তীশগড় আৰু মিজোৰামত নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ ৰাজ্যখনত নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ’ব বুলি আয়োগে কয়। ছত্তীশগড়ত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। ৰাজস্থান, মধ্য প্ৰদেশ আৰু তেলেংগানা—এই তিনিখন ৰাজ্যত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব।

মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অক্টোবৰৰ শেষৰ পৰা আৰম্ভ হ’ব। উল্লেখ্য যে নাগালেণ্ডৰ এখন বিধানসভা আসনৰ উপনিৰ্বাচনো ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগৰ মতে, পাঁচখন ৰাজ্যত ৮.২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৬০ লাখতকৈও অধিক ভোটাৰে প্ৰথমবাৰৰ বাবে ভোট দান কৰিব। পাঁচখন ৰাজ্যত মুঠ ১.৭৭ লাখ ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। এই ৰাজ্যকেইখনৰ ভিতৰত মিজোৰামত ১,২৭৬টা ভোটকেন্দ্ৰৰ থাকিব৷ আনহাতে ছত্তীশগড়ত ২৪,১০৯ টা, মধ্য প্ৰদেশত ৬৪,৫২৩ টা, ৰাজস্থানত ৫১,৭৫৬ টা আৰু তেলেংগানাত ৩৫,৩৫৬ টা ভোটকেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ৰাজস্থানত ২০০ টা বিধানসভা সমষ্টিত মুঠ ৫.২৫ কোটি ভোটাৰ আছে৷ মধ্য প্ৰদেশত ২৩০ টা বিধানসভা সমষ্টিত মুঠ ৫.৬ কোটি, তেলেংগানাত ১১৯ টা বিধানসভা সমষ্টিত মুঠ ৩.১৭ কোটি, মিজোৰামত ৪০টা বিধানসভা সমষ্টিত মুঠ ৮.৫২ লাখ আৰু ছত্তীশগড়ত ৯০ টা বিধানসভা সমষ্টিত প্ৰায় ৩ কোটি ভোটাৰ আছে৷

মনকৰিবলগীয়া যে ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ আগতে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৰাজনৈতিক দলসমূহৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। পাঁচখন ৰাজ্যৰ মুঠ ৮৩ খন লোকসভা আসনৰ ভিতৰত কেৱল মধ্য প্ৰদেশত 29 খন আসন আছে৷ কংগ্ৰেছে ৰাজস্থানত ক্ষমতা বজাই ৰাখিবলৈ কঠোৰ যুঁজ দিব আৰু আন ৰাজ্যতো কঠোৰ চেষ্টা কৰিব।

আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলটোৱে পাঁচোখন ৰাজ্যতে জয়লাভ কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিৰ্বাচনমুখী ৰাজ্যসমূহত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছে। ইপিনে, তাৰিখ ঘোষণাৰ পিছত, ৰাজনৈতিক দলবোৰ নিৰ্বাচনলৈকে ব্যস্ত থাকিব। এফালে, প্ৰাৰ্থী বাছনি, আনহাতে, আচৰণ বিধি কাৰ্যকৰী হ’ব। ২০১৮ চনত এই পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Leave A Reply