Breaking

বঢ়মপুৰৰ দিন-হাজিৰা কৰা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিল ১.৩৭ লাখ টকা

0 2,045

নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও অঞ্চলৰ মুৰ্গীলড়াই মাজগাঁওৰ এটা দিন হাজিৰা কৰা পৰিয়ালৰ মুৰব্বী মাংৰা মূৰাৰ নামত আহিছে এমাহৰ বৈদ্যুতিক বিল ১,৩৭,৯১১ টকা । এই সম্পৰ্কত ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে তেওঁ যোৱা মাহতো বিদ্যুৎ বিল পৰিশোধ কৰিছে। প্ৰতি মাহে তেওঁলৈ বিল ১০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত আহে যদিও এইবাৰ তেওঁ এই বিলখন পোৱাৰ পিছত হতভম্ব হৈ পৰে। তেওঁ ইতিমধ্যে বিদ্যুৎ বিভাগৰ কোনো লোকৰ সৈতে যোগাযোগ কৰিছে যদিও বিষয়টো এই পৰ্যন্ত সমাধান হোৱা নাই বুলি জানিবলৈ দিছে। উল্লেখ্য যে , কেইমাহমান পূৰ্বে বঢ়মপুৰ ভকতগাঁৱৰ যোগেশ্বৰ বৰা নামৰ এজন ব্যক্তিৰ নামত এমাহৰ বিদ্যুৎ বিল হিচাপে প্ৰেৰণ কৰা হৈছিল  ত্ৰিশ হাজাৰৰ অধিক টকাৰ বিল। সেইদৰে, এবছৰ মান পূৰ্বেও বামুণী অঞ্চলৰ এজন লোকলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছিল বিল। এনেধৰণৰ আজব ঘটনা সংঘটিত হোৱাৰ আঁৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কৰ্তব্যৰ প্ৰতি অনীহা নে দায়িত্বজ্ঞানহীনতা, তাকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Leave A Reply