Breaking

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন সম্পন্ন : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

0 2,168

উজনি-মাজুলী, ২৩ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখনি আজি দিনজোৰা কাৰ্য্যসূচীৰে দৰিয়াস্থিত পেঞ্চনাৰ ভৱনৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় | পুৱা ৯ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভাপতি প্ৰণৱজিত মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে | ইয়াৰ পিছতে পুৱা ১০ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে শাখাৰ প্ৰতিষ্ঠাপক সভাপতি কনক চন্দ্ৰ বৰুৱাই | মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, জিলা কাৰ্যনিৰ্বাহক সদস্য পুনাৰাম নাথ আৰু মুহিকান্ত বৰা বৰবায়ন পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়োৱা সভাখনত সৰ্বসন্মতিক্ৰমে পৰবৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে প্ৰণৱজিত মিশ্ৰক সভাপতি, দাসীৰাম পামেগাম, অনুপ্ৰভা দেৱী, গোবিন চন্দ্ৰ ভূঞা, ফুলেশ্বৰী হাজৰিকাক উপসভাপতি, কৃষাৰাণী বৰুৱাক সম্পাদক, শংকুসিদ্ধ নাথক পত্রিকা সম্পাদক, বিজয় শইকীয়া, জয়ন্ত ৰেগনক সহকাৰী সম্পাদক, অজয় বৰুৱাক কোষাধ্যক্ষ, মামু দেৱীক প্ৰচাৰ সম্পাদক, যাদৱ বৰা আৰু বন্তি দেৱী বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ২৫জনীয়াকৈ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় | পুনৰ ১১.৩০ বজাৰ পৰা শাখাৰ বিদায়ী সভাপতি কনক চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্বোধক হিচাপে অংশগ্ৰহন কৰি মাজুলীৰ জ্যেষ্ঠ শিক্ষাবিদ পুনাৰাম নাথে কয় যে সাহিত্যই সমাজ জীৱন শক্তিশালী কৰে | অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক চেনেহী গগৈ কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিশোৰী মোহন পাল আৰু জিলা সম্পাদক মনোজ্যোতি ৰেগনে | শাখাৰ বিদায়ী সম্পাদক শংকুসিদ্ধ নাথে আদৰণী ভাষণ আগবঢ়োৱা বৰ্ণিল সভাখনত মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, বিশিষ্ট কবি লক্ষীপ্ৰসাদ ৰেগনৰ কবিতা আৰু যুৱশিল্পী সমীৰজিত কলিতাৰ গীতৰ শৰায়ে সকলোকে আপ্লুত কৰে | আবেলি ৩ বজাত সভাপতিৰ সাৰুৱা মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে | শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলনেৰে সমাপন কৰা হয় |

Leave A Reply