Breaking

বিগ বছৰ ১৬ বছৰৰ অভিলেখ ভংগৰে ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰে বিজয়ী এলভিছ যাদৱ…

0 44

বিগ বছৰ ১৬ বছৰৰ অভিলেখ ভংগৰে ৱিল্ড কাৰ্ড এণ্ট্ৰীৰে বিজয়ী এলভিছ যাদৱ। বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱ শ্ব’ত জয়ী হোৱাৰ পিছত অহৰহ চৰ্চা। ট্ৰফীৰ উপৰিও এলভিছে লাভ কৰিছে ২৫ লাখ টকা। ইয়াৰ লগতে এলভিছে এনে এক অভিলেখ ভংগ কৰিছে যে বিগ বছত আজিলৈকে কোনেও এই অভিলেখ ভংগ কৰিব পৰা নাছিল। এই ৰেকৰ্ড আৰু এলভিছৰ বিষয়ে জানক-

শ্ব’টোৰ মাজভাগতে ‘বিগ বছ অ’টিটি ছিজন ২’ত ৱাইল্ড কাৰ্ড এণ্ট্ৰি কৰিছিল এলভিছ যাদৱে। শ্ব’টোত অহাৰ লগে লগে এলভিছ বিখ্যাত হৈ পৰে।

২৪ বছৰীয়া এলভিছ হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা। এলভিছ এজন বিখ্যাত ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ। ২০১৬ চনত এলভিছে ইউটিউব যাত্ৰা আৰম্ভ কৰে।

এলভিছে ইউটিউবৰ পৰা প্ৰতিমাহে প্ৰায় ৮ৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও এলভিছৰ আন বহুতো ব্যৱসায় আছে যাৰ পৰা তেওঁ বহু টকা উপাৰ্জন কৰে, য’ত এন জি অ’ আৰু কাপোৰৰ ব্ৰেণ্ডো আছে। এলভিছে অতি আড়ম্বৰপূৰ্ণ জীৱন কটায়।


Leave A Reply