Breaking

ভোলা কটকী আৰু নাই ।ওৰেটো জীৱন নাটক কৰা মানুহজনে সামৰিলে জীৱন নাট; ৯০ বছৰ বয়সত ইহলীলা সামৰিলে ‘কেপ্টেইন চফ লে’ই।

0 178

গুছি গ’ল ‘জেৰেঙাৰ সতী’ৰ ‘লালুকসোলা, ‘শকুনিৰ প্ৰতিশোধ’ৰ ‘শকুনি’,’চিৰাজ’ৰ ‘কন্দৰ্প’, ‘শৰাইঘাট’ৰ ‘লাচিত’, ‘ৰূপালীম’ৰ ‘মনিমুগ্ধ’
ভোলা কটকী। ১৯৩২ চনৰ ২০ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৪ নৱেম্বৰ। এক বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি নেদেখা দূৰলৈ গুছি গ’ল অসমীয়া নাটকৰ অবিসম্বাদী নাট্যযোদ্ধা ভোলা কটকী। জীৱনৰ সৰহ সময় মঞ্চখনতেই কটালে তেওঁ। শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰীৰ পৰা আৰম্ভ হোৱা হোৱা এই জীৱন অৱশেষত থমকি ৰ’ল। বয়সৰ ওচৰত নতজানু হৈ নিয়তিৰ নীতিক মানি ল’লে সেই মহান অভিনেতা ভোলা কটকীয়ে।


১৯৫৫-৫৬ চনত দৰং কলেজৰ হৈ নিজে লিখি পৰিচালনা কৰা বিভ্ৰাট নাটকখনেৰেই যেন মঞ্চৰ জয়যাত্ৰা আৰম্ভ কৰিছিল ভোলা কটকীয়ে। তাৰ পাছত আৰু তেওঁ ৰৈ নাথাকিল। বছৰ বাগৰিল। কালৰ গতিত ১৯৬৩চনত খোজ দিলেহি ভ্ৰাম্যমাণ থিয়েটাৰ জগতত। নটৰাজ থিয়েটাৰৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰাই গৰকি গ’ল সুৰদেৱী,জয় যমুনা,মঞ্চৰূপা,পূৰ্বজ্যোতি,অপ্সৰা,ৰংঘৰ, বিশ্বৰূপা আদি থিয়েটাৰ। ধাৰাবাহিকভাৱে ২৫ বছৰ আৰু তাৰ পাছত এৰি এৰি ৬বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি ১৫০খন নাটকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।ভোলা কটকীয়ে।
অপেচাদাৰী মঞ্চতো নটসূৰ্য ফনী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৈতে ১১খন নাটকত অভিনয় কৰিছিল এইগৰাকী মহান অভিনেতাই। ভোগজৰা,এমুঠি চাউল,বেউলা,মিৰি জীয়ৰী,চিৰাজ,মনিৰাম দেৱান আদি অপেচাদাৰী নাটকৰ অভিনেতা আছিল ভোলা কটকী।


ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ অনিৰ্বান চিনেমাত মুখ্য চৰিত্ৰ ৰজনী মাষ্টৰ ৰূপায়ন কৰি দৰ্শকৰ মনত ঘৰ সাজিছিল তেওঁ। পুলক গগৈৰ সাদৰি, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ৰাজা, প্ৰমোদ বৰুৱাৰ উৰ্বশী,উপেন বৰুৱাৰ জলাঞ্জলি আদি চিনেমাৰ মূল অভিনেতা আছিল ভোলা কটকী। দুৰদৰ্শনৰ ধাৰাবাহিক বৃকোদৰ বৰুৱাৰ বিয়া, দেউতা, বে তাল আদি কৰি ১৫খন ধাৰাবাহিকতো অভিনয় কৰিছিল ভোলা কটকীয়ে।
২০০০চনত মুনলাইট মিডিয়াৰ জীৱনজোৰা সাধনা বটা লাভ কৰা এইগৰাকী মহান অসমীয়াৰ আছিল অলেখ সাহিত্য সৃষ্টিও।
সেই ভোলা কটকী আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনে ৰোগশয্যাত পৰি থকা সকলোৰে চিনাকি ৰজনী মাষ্টৰ আৰু নাই। শুকুৰবাৰে দিনৰ ২বাজি ১৫ মিনিটত সাংস্কৃতিক ক্ষেত্ৰখনক শোকসাগৰত পেলাই চিৰদিনৰ বাবে দুচকু মুদিলে।নটসূৰ্য নঁটা বিভূষিত ভোলা কটকীয়ে।। বিদায় হে নাট্য মহাপ্ৰান।

Leave A Reply