Breaking

ডিফুত বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ ‘ভিন্ন দৃষ্টি ভিন্ন চিন্তা’ উন্মোচন

0 102

অসম প্ৰকাশন পৰিষদৰ দ্বাৰা ডিফুত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা ভিন্ন কাৰ্য্যসূচীৰ লগতে আজি ডিফুৰ বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীৰ ৰচিত ‘ভিন্ন দৃষ্টি ভিন্ন চিন্তা ‘ শীৰ্ষক গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয়।

উন্মোচন কৰে অসম চৰকাৰৰ সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মুনিন্দ্ৰ শৰ্মাই।

অনুষ্ঠানত অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজেন্দ্ৰ নূনিচাকে প্ৰমুখ্য কৰি ডিফুৰ জ্ঞানোজ্যষ্ঠ বয়োজেষ্ঠসকল লেখক লেখিকা সকল উপস্থিত আছিল।

Leave A Reply