Breaking

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক ‘আনন্দৰাম ঢেকিয়াল ফুকন’ বঁটা প্ৰদান

0 88

নগাঁৱৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ ‘”আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” আগবঢ়াইছে অসম- অৰুণাচল প্রদেশৰ সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ।

মহাবিদ্যালয়খনৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাহিত্যিক গৰাকীক এই বঁটা প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগুৱে । ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছে ।

আজি মহাবিদ্যালয়খনৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিং প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল আৰু মহাবিদ্যালয় খনৰ অধ্যাপক,অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংখী ৰাইজ উপস্থিত থাকে।

Leave A Reply