Breaking

বিশিষ্ট সমাজসেৱী – প্ৰাক্তন জাতীয়তাবাদী নেতা বিতুল শইকীয়াৰ পৰলোক প্ৰাপ্তি

0 2,039

 অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা – বিশিষ্ট সমাজসেৱী বিতুল শইকীয়া ( ৬৫ ) আজি পুৱাভাগত ডিমৌ ৰজাবাৰীস্থ চুপাৰ স্পেচিয়েলিচ চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । নাজিৰা মহকুমাৰ পানীবিল গোমোঠাত জন্মগ্ৰহণ কৰা বিতুল শইকীয়া ৮০ ৰ দশকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি সমাজৰ বিভিন্ন উন্নয়ন মূলক কাম – কাজৰ মাজেৰে অগ্ৰসৰ হোৱাৰ সমান্তৰালভাৱে পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত শিৱসাগৰ পোনজানত স্থায়ীভাৱে বসবাস কৰে । গোমোঠা নৱজ্যোতি যুৱ সমাজৰ প্ৰতিষ্ঠাৰ লগতে পোনজান নামঘৰৰ প্ৰতিষ্ঠা আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপেও সমাজ সেৱা কৰ্মত অৰিহণা যোগাই আহিছিল । মৃত্যুৰ সময়ত পৰিবাৰ , এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান সহ পৰিয়ালক ইহসংসাৰত এৰিথৈ গৈছে । তেখেতৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ – ছাত্র পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতি , গোমোঠা নৱজ্যোতি যুৱ সমাজ , শিৱসাগৰ পোনজান নামঘৰ আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । 

Leave A Reply