Breaking

বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহালৰ কাব্যগ্ৰন্থ ” শ্ৰীভট্টদেৱমহাকাব্যম্” উন্মোচন

0 2,022

২জানুৱাৰীত ওদালগুৰিৰ বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহালৰ এখন গ্ৰন্থ তেওঁৰ নিজ বাসভৱন ওদালগুৰিৰ খাংখ্লাবাৰী স্থিত নতুন বছৰ উপলক্ষত উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ে বিদ্যাপতি দাহালৰ কাব্যগ্ৰন্থ “শ্ৰীভট্টদেৱমহাকাব্যম্” উন্মোচন কৰি দাহালৰ অন্যান্য গ্ৰন্থ সমুহৰ অৱদান উল্লেখ কৰে। উল্লেখযোগ্য যে বিশিষ্ট সংস্কৃত পণ্ডিত তথা ওদালগুৰিৰ সাংবেদ সংস্কৃত টোলৰ প্ৰাক্তন অধ্যক্ষ বিদ্যাপতি দাহালৰ    কাব্যগ্ৰন্থ সমুহ বৰ্তমান কুৰিৰ ঘৰ অতিক্ৰম কৰিছে। তেওঁৰ  কৃতি সমুহ পঞ্চবিংশতি তত্ববিবেচনম্, সাহিত্য বিমৰ্শ, ‘কাম্য’ খণ্ডকাব্যম্,’আমা’খণ্ডকাব্যম্’, ‘পাশ্চাত্য সমালোচনা সিদ্ধান্ত’, পাশ্চাত্য সমালোচনা আৰু প্ৰমুখবাদ, বিবেকানন্দপ্ৰশস্তি,উষাহৰণ মহাকাব্যাম্, তত্বচিন্তনম্, শ্ৰীমদ্ভাগৱতমহত্বম্, ভগৱচ্চৰিতামৃতম্( খণ্ড কাব্যম্), সৃষ্টিনব্যমহাকাব্যম্, ভাৰতীয় নেপালী সাহিত্যকো বিকাশ, শংকৰদেৱমহাকাব্যম্, ভানুভক্তমহাকাব্যম্, শ্ৰীদেৱদামোদৰদেৱমহাকাব্যম্, শ্ৰীমাধৱদেৱমহাকাব্যম্, স্বামীবিবেকানন্দমহাকাব্যম্, শ্ৰীহৰিদেৱমহাকাব্যম্ আৰু ভট্টদেৱমহাকাব্যমকে ধৰি অন্যান্য অসংখ্য গ্ৰন্থ প্ৰকাশিত হোৱাৰ লগতে এঘাৰটা পুৰস্কাৰেৰে সন্মানিতো হৈছে। তেওঁ ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী, সাংখ্যয়োগাচাৰ্য্যত স্নাকোত্তৰ ডিগ্ৰি অৰ্জন কৰিছিল। ২০২২ৰ শুভ নতুন বছৰত তেৱেঁ প্ৰকাশিত কৰা শ্ৰীভট্টদেৱমহাকাব্যম্ ৰাইজক উৎসৰ্গা কৰাৰ লগতে অন্য চাৰিটা গ্ৰন্থ ক্ৰমে শ্ৰীশংকৰদেৱচৰিতামৃতং নব্যমহাকাব্যম্, সংস্কৃত সাহিত্যইতিহাস, গুৰুকালিচৰণব্ৰহ্মমমহাকাব্যম্ আৰু মহাত্মাগান্ধীমহাকাব্যম্ প্ৰেছত প্ৰকাশন্মুখ অৱস্থাত আছে।

প্ৰায় নব্বৈ বছৰ বয়সতো শুধা চকুৰে কলম চলোৱা বিদ্যাপতি দাহালৰ গ্ৰন্থ সমুহ বিভিন্ন বিশ্ববিদ্যালয়ত বিষয় পাঠ হিচাপে ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰি আছে। নতুন বছৰত উন্মোচন হোৱা গ্ৰন্থৰ উন্মোচনী সভাত বড়ো ভাষাৰ অন্যতম লিখক নবীন মল্ল বড়ো, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাচ্তোলা, ওদালগুৰিৰ মণিপ্ৰকাশ কিতাপ ঘৰৰ স্বত্বাধিকাৰী তথা বিশিষ্ট নাগৰিক নৰেশ্বৰ ডেকা, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী,সম্পাদক মোহন কুমাৰ ছেত্ৰী, অসম সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ধিৰাজ উপাধ্যায়ে। সভাত বিভিন্ন সাহিত্যিক সকলে কবিতা পাঠো কৰে।

Leave A Reply