Breaking

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

0 1,032

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা৷এইবাৰ ডকাইতক এনকাউন্টাৰ আৰক্ষীৰ৷ডবকাত সংঘটিত হৈছে এই ঘটনা ৷চমচুল হক নামৰ ডকাইতৰ সু-ভৰিত গুলী আৰক্ষীৰ৷আঘাতপ্ৰাপ্ত ডকাইতটোক ডবকা চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে৷ডকাইতটোৰ ঘৰ লংকাৰ লস্কৰপথাৰত বুলি জানিব পৰা গৈছে৷এক গোপন সুত্ৰৰ পম খেদি ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷তাৰ পাছত ডকাইতটোৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছিল মাৰনাস্ত্ৰ ৷

আৰক্ষীৰ জেৰাত ডবকাৰ শালবাগানত আৰু মাৰনাস্ত্ৰ লুকাই থকাৰ কথা স্বীকাৰ কৰিছিল ডকাইতটোৱে ৷সেই মাৰনাস্ত্ৰ উদ্ধাৰ কৰিবলৈ ডকাইতটোক লৈ নিশা শালবাগানত উপস্থিত হৈছিল আৰক্ষী ৷সেই সময়ত আৰক্ষীক প্ৰহাৰ কৰি পলাই যাব বিচাৰিছিল ডকাইতটোৱে৷পলাই যাব বিচৰাত ডকাইতটোৰ সু-ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷আঘাতপ্ৰাপ্ত ডকাইতটোক প্ৰথমে ডবকা চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয় যদিও পিছত নগাও ভোগেশ্বৰী ফুকননি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

Leave A Reply