Breaking

ওদালগুৰিত অনুষ্ঠিত দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি

0 2,036

কণ কণ ল’ৰা ছোৱালীৰ মাজতো বৃদ্ধি পাইছে যোগৰ প্ৰতি আকৰ্ষণ।  তাৰে প্ৰমাণ হ’ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত ‘ দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা- ২০২১’ অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সৃষ্টি যোগ প্ৰতিষ্ঠানৰ সহযোগত ওদালগুৰি চহৰত এদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাসে। বন্তি প্ৰজ্বলেনে শুভাৰম্ভ কৰা প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সোনদ্বীপ ভূঞাই যোগৰ জড়িয়তে সু-স্বাস্থ্য তথা সুন্দৰ মানসিকতাৰ অধিকাৰী হ’ব পাৰি বুলি মন্তব্য কৰে । ইয়াৰ পিছতে চাব জুনিয়ন , জুনিয়ৰ আৰু চিনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলা খনৰ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত উপস্থিত থাকি ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাস , যোগাসন ক্ৰীড়াৰ ৰাজ্যিক বিচাৰক বুবুল কুমাৰ চহৰীয়া , বিপুল গোস্বামী , ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিপ্লৱ দাস , ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা মন্টু কলিতা ,ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপ-সভাপতি নিতু শইকীয়া , সম্পাদক দিগন্ত শৰ্মাপ্ৰমূখ্যে কৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।আবেলি অনুষ্ঠিত হোৱা বটা বিতৰণি সভাত ওদালগুৰিৰ নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক শেখৰ ৰঞ্জন দেৱ উপস্থিত থাকে।

Leave A Reply