Breaking

চিলাপথাৰত হাজং সকলৰ হঙৰানী উৎসৱৰ সামৰণি ! নিজা কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু চৰ্চাৰ আহ্বান… 

0 17

চিলাপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চতুৰ্থ বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰানী উৎসৱ আজি সামৰনি পৰে। চিমেনমুখ পঞ্চায়তৰ নলবাৰী হাজং মা-লক্ষী ভৱনত অনুষ্ঠিত উৎসৱৰ অন্তিমটো দিনৰ কাৰ্য্যসূচী পুৱা এক বিশাল সাংস্কৃতিক শোভযাত্ৰাৰে শুভাৰম্ভ হয়। ৰং বিৰিঙি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি অৰ্ধ সহশ্ৰাধিক লোকে ভাগ লয় শোভাযাত্ৰাত। জাকৈ খালৈ,জাপি,নাঙল,চৰাই আদি প্ৰতীকী সজুঁলি লৈ গীত মতেৰে ৰজনজনলে আয়োজক গাঁওখনৰ চতুৰ্দিশ। দুপৰীয়া স্থানীয় যুৱতী সকলে এটি সুমধুৰ সমবেত সংগীতেৰে আৰম্ভ কৰে মুকলি সভা। আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন হাজঙে আঁতধৰা সভাৰ সঞ্চলানা কৰে আদৰণী সমিতিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী সুজিত হাজঙে।

মুকলি সভাত আদৰণী ভাষণ আগবঢ়াই সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজংঙে___ হাজং জনগোষ্ঠীৰ হঙৰানী উৎসৱৰ উপৰত বক্তব্য দাঙি ধৰি __অন্যান্য জনগোষ্ঠীৰ বসন্তোৎসৱৰ দৰেই হাজং সকলৰো হঙৰানী উৎসৱ এক অন্যতম বসন্তোৎসৱ। প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়ৱদ্ধতা আছে। পিছে পৰিতাপৰ বিষয় যে অদ্যপি হাজং সকল নিজা কৃষ্টি সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে। এইক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰি জাতিটোক আগুৱাই নিবলৈ লাগিব বুলি বহু সাৰুৱা বক্তব্য প্ৰদান কৰে। মুকলি সভাত অঞ্চল টোৰ শতাধিক বয়স্ক লোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে আয়োজক সমিতিয়ে।

ইয়াৰ পিছতেই লেৱাটনা, জাখামাৰা,গোপীনি গাহেন,ধাপা কীৰ্তন আদি দৃষ্টিনন্দন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হয়। গীত নৃত্যত ভাগ লয় তুলচিপুৰ জামাখাৰা দল, গোবিন্দপুৰ আৰু শ্ৰীৰামপুৰ গোপিনী গাহেন দল,ভৈয়াম বেলগুৰি বানাই কৃষ্টি দল,নলবাৰী বৌ কৃষ্টি দল, ভংগাপাৰা লেৱাটনা দল,মুক্তিয়াৰ সৰূপাম কৃষ্টি দল, মূক্তিয়াৰ নেপালী পথাৰ কৃষ্টি দল আদি শিল্পীৰ দলে ভাগ লয়। লোক বাদ্যৰ গীত মাত আৰু জনগোষ্ঠীয় নৃত্যৰে অনন্য হৈ পৰে কাৰ্যসূচী। মুকলি সভাত সদৌ অসম হাজং সাহিত্য সভাৰ সভাপতি ৰঘুনাথ হাজং,মিছিং স্বায়ত্ব পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, চিলাপথাৰ জনজাতী সংঘৰ সম্পাদক ৰামপ্ৰসাদ হাজং,প্ৰাক্তন আঞ্চলিক সদস্য বিৰেশ নম:সুদ্ৰ,সমাজকৰ্মী বিচিত্ৰ পাৱ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ জেউতি চৰালে।

Leave A Reply