Breaking

ভাৰতীয় মানুহৰ বাবে বন্ধ ভুটানলৈ যোৱা প্ৰবেশ দ্বাৰ

0 1,547

অসমকে ধৰি ভাৰতবৰ্ষৰ কেবাখনো ৰাজ্যত ক’ৰনা মহামাৰীয়ে সংসাৰী ৰুপ ধাৰণ কৰিছে ৷ ইতিমধ্যে হেজাৰ হেজাৰ লোক মৃত্যুৰ মুখত পৰিছে ৷ ক’ৰনা দ্বতীয় লহৰৰ পিছত সংকেত আহিছে তৃতীয় লহৰৰ ৷ মাজেতে পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও এতিয়া মিনি লকডাউনে পৰিবেশৰ অস্বাভাৱিক হৈ পৰিছে ৷ ভাৰতৰ এনে পৰিবেশৰ বাবে সীমান্তত ৰাষ্ট্ৰ ভুটানে বন্ধ কৰি থৈছে ভুটানৰ প্ৰবেশ দ্বাৰা ৷প্ৰবেশ দ্বাৰত কঠোৰ নিৰাপত্তা ৷ভাৰত পৰা  ভুটানলৈ  যোৱা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো কঠোৰ নিয়ম অৱলম্বন কৰিছে ভুটান চৰকাৰে৷আনহাতে ভুটানলৈ যোৱা সামগ্ৰীৰ বাবে প্ৰবেশ দ্বাৰত ঘন্টা ঘন্টা  ধৰি অপেক্ষা কৰিব লগা  হয় ভটান চৰকাৰৰ অনুমতিৰ বাবে ৷ কেতিয়াবা বিনা অনুমতি ঘুৰি যাব লগাও হয় বহুত গাড়ী৷ কেতিয়াবা অনুমতি পালেও সম্পূৰ্ণ গাড়ী সহ চালক প্ৰবেশ পথতে চেনিটাইজাৰ কৰিহে যাবলৈ দিয়ে ভুটান পুলিচে ৷ আনহাতে ভাৰতৰ পৰা যোৱা সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীসমুহে কোনো কাৰনতে খুলিব নোৱাৰিব গাড়ীৰ খিৰিকী৷বন্ধ খিৰিকীৰে পাব লাগিব গন্তব্য স্থান৷ চালক সহ দুজনৰ মাত্ৰ গাড়ীত যোৱাৰ অনুমতি ৷অতি অত্যাৱশ্যকীয় সাগ্ৰীৰ বাহিৰে বেলেগ গাড়ী প্ৰবেশত অনুমতি নাই ৷ ভুটানৰ প্ৰবেশদ্বাৰাত কোনো ভাৰতীয় মানুহ থিয় হলে ভুটান পুলিচৰ অশ্ৰাব্য গালি গালজ ভাহি অহাও পৰিলক্ষিত হয় ৷ আনহাতে ভুটান  চিমেন্টে ভাৰতীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা ভুটান চিমেণ্টৰ উৎপাদন বৰ্তমান কমি আহিছে ৷ভুটানত চিমেণ্ট উদ্যোগ কাম কৰা অধিকাংশ শ্ৰমিক ভাৰতীয়৷ এতিয়া ভুটানত প্ৰবেশৰ অনুমতি নাই বাবে শ্ৰমিকৰ অভাৱত তীব্ৰ হাৰত কমিছে উৎপাদন৷ উল্লেখ্য যে ভুটান চৰকাৰৰ এই কঠোৰ নীতি নিয়মৰ বাবে ক’ৰনামহামাৰীৰ কবলৰ পৰা মুক্ত হৈ চলিব পাৰিছে৷

Leave A Reply