Breaking

নগাঁৱত মহামাৰী কভিড-১৯ৰ সংহাৰ অব্যাহত :আজি ১৬৯ গৰাকী আক্ৰান্ত: চাৰি গৰাকীৰ মৃত্যু ,মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি

0 2,030

সমগ্ৰ নগাঁও জিলাত  মহামাৰী কভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ফলত পৰিস্থিতিয়ে জটিলৰ পৰা জটিলতাৰ দিশে গতি কৰিছে। আজিৰ দিনটোত  পুনৰ ১৬৯ জন লোকৰ দেহত ক’ভিড- ১৯ৰ উপস্থিতি নতুনকৈ ধৰা পৰিছে। এতিয়ালৈকে  কৰোনাৰ দ্বিতীয় লহৰত নগাঁও জিলাত  ৪৮৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বৰ্তমানেও ক’ৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৬০জন। আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ১০৭৯ৰেট টেষ্ট আৰু ১৮ গৰাকীৰ আৰ টি পি চি আৰ জৰিয়তে কভিড পৰীক্ষা কৰে। ইয়াৰে ১৬১ গৰাকী ৰেপিট টে’ষ্টৰ আৰু ৮ গৰাকী আৰ টি পি চি আৰৰ জৰিয়তে কভিডত আক্ৰান্ত বুলি ধৰা পৰে। আজিৰ দিনটোত আক্ৰান্ত সকলৰ ১৫৬ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ উপৰিও ১৩ গৰাকী ব্যক্তিক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ইফালে, আজি কভিড আক্ৰান্ত হৈ চাৰিগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোককেইজ হৈছে নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ প্ৰদীপ দাস(৪৫),ধিংৰ গোবিন্দ দাস(৫৫),চাপনলাৰ ৰহিমা বেগম(৫৮) আৰু উত্তৰ হয়বৰগাঁৱৰ হিতেশ্বৰ লিগিৰা(৫৫) বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।মৃত ব্যক্তি কেইগৰাকী কোভিডত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।উল্লেখযোগ্য যে বৰ্তমান লৈকে নগাঁও জিলাত কোভিড ১৯ত আক্ৰান্ত হৈ ২৯গৰাকীকৈ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Leave A Reply