Breaking

বিবাহ বিচ্ছেদৰ পিছত ৰাজনীতিত যোগদান কৰিব ঈশা দেওলে! মাতৃ হেমা মালিনীয়ে ফাদিল কৰিলে বিচ্ছেদৰ ৰহস্য…

0 104

এইকেইদিন ভাৰত তখতানিৰ সৈতে বিবাহ বিচ্ছেদ সম্পৰ্কে চৰ্চা হৈছে ঈশা দেউলৰ। বলীউডৰ প্ৰবীণ দম্পতী ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ জ্যেষ্ঠ কন্যা তথা অভিনেত্ৰী ঈশা দেউলৰ শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ সন্দৰ্ভত চৰ্চা হৈছে। বিবাহ বিচ্ছেদৰ পিছত ঈশা দেউলে কি কৰিব সেইয়াও চৰ্চালৈ আহিছে। এক সাক্ষাৎকাৰত মাতৃ হেমা মালিনীক ঈশা আৰু আহানাও ৰাজনীতিত যোগদান কৰিবলৈ আগ্ৰহী নেকি বুলি সোধে। এই কথাত হেমা মালিনীয়ে ক’লে, “যদি তেওঁলোকে বিচাৰে।” অৱশ্যে এই সময়ছোৱাত তেওঁ প্ৰকাশ কৰে যে ঈশা ৰাজনীতিৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে অনাগত বছৰবোৰত ৰাজনীতিত যোগদান কৰিব পাৰে। হেমাই কয় যে ঈশা ৰাজনীতিৰ প্ৰতি অতি আগ্ৰহী, তেওঁ এই কামটো কৰি ভাল পায়। অহা কেইবছৰমানৰ ভিতৰত যদি তেওঁ আগ্ৰহী হয় তেন্তে তেওঁ নিশ্চিতভাৱে ৰাজনীতিত যোগদান কৰিব।

আমোদজনক কথাটো হ’ল, যি সময়ত ঈশা দেওলে স্বামী ভাৰত তখতানিৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে, সেই সময়ত হেমাই ঈশাৰ ৰাজনীতিত প্ৰৱেশৰ ইংগিত দিছে। ২০১২ চনত ঈশাই ভাৰতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও চলিত মাহৰ আৰম্ভণিতে যৌথ বিবৃতি জাৰি কৰি দম্পতীয়ে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।

বিবৃতিত দম্পতীয়ে লিখিছিল, “আমি পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি আমাৰ দুয়োটা সন্তানৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছো”।

Leave A Reply