Breaking

মেলেঙীয়াল গাঁওত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন

0 1,194

মদাৰখাত, ১৬ ডিচেম্বৰ : ডিব্ৰুগড়ৰ জিলা লাহোৱাল বিধানসভা সমষ্টিৰ তথা মদাৰখাত মৌজাৰ অন্তৰ্গত ঐতিহাসিক মেলেঙীয়াল গাঁও শ্ৰীশ্ৰী অনিৰুদ্ধ মায়ামৰা নামঘৰলৈ অসম দৰ্শন আঁচনি জৰিয়তে আগবঢ়োৱা দহ লাখ টকাৰ আঁচনি কামৰ আজি ধৰ্মীয় তথা মাংগলিক কৰ্মৰে আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই। অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মান হ’বলগীয়া নামঘৰৰ অতিথিশালা, খোৱাপানী ব্যৱস্থা, প্ৰসাৱগাৰ নিৰ্মাণ কৰিবলগীয়া এই আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীয়ে বৰ্তমান অসম চৰকাৰে পুৰণা ধৰ্মীয় অনুষ্ঠান, নামঘৰ, সত্ৰকে ধৰি ধৰ্মানুষ্ঠানলৈ অসম দর্শনৰ জৰিয়তে বিশেষভাৱে লাভৱাম্বিত হোৱা লগতে সমাজখনক আগুৱাই নিয়াত যথেষ্ট সহায় হ’ব বুলি কয়। পূৰ্বতে এনেধৰণৰ কোনো আঁচনি গ্ৰহণ নকৰা বাবে মায়ামৰা ধৰ্মীয় নামঘৰ, সত্ৰ তথা থানসমূহৰ বিশেষ উন্নতি হোৱা নাছিল আৰু সেয়ে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াব পৰা নাছিল। বৰ্তমান চৰকাৰখনে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এই আঁচনি জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধায়ক ঋতুপৰ্ণ বৰুৱাই নিজৰ ভাষণত উল্লেখ কৰে। আধৰাশিলা ফলক উন্মোচন কৰে গাঁওৰ গাওঁবুঢ়া কৰুণা গগৈ, তীৰ্থ হাজৰিকা, লাহোৱাল খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়াই। নামঘৰৰ চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত নিৰ্মাণ সমিতিৰ সম্পাদক দ্বীপ দত্ত ফুকনে আঁচনি খনৰ জৰিয়তে কিদৰে নিৰ্মান কৰা হ’ব সেইবিষয়ে নিজৰ আদৰণি ভাষণত উল্লেখ কৰে। জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, মদাৰখাত গাঁও পঞ্চায়তৰ সভাপতি দেৱেশ দত্ত, উন্নয়ন খণ্ড বিষয়া ৰোহিতেশ্বৰ শইকীয়াই অসম দৰ্শন আঁচনি খনৰ কাম কাজ আৰু নিৰ্মাণ হ’বলগীয়া গৃহ সম্পৰ্কত নিজৰ নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে ৰাইজে এইক্ষেত্ৰত চকু  দিবলৈও আহ্বান জনায়। গাঁঁৱৰ ইতিহাস তথা নামঘৰৰ ইতিহাসৰ লগতে বিভিন্ন বিষয়ত সম্পৰ্কে  আঁত ধৰোঁতা সাংবাদিক যাদৱ গগৈয়ে উল্লেখ কৰে।চৰকাৰী গাওঁবুঢ়া পোনা হাজৰিকা, যুৱ সমাজকর্মী মাধুৰ্য চাংমাই, বাবুল ফুকন,ৰেৱ দত্ত ফুকন, ক্ষীৰোদ গগৈ, জুৰি হাজৰিকা, ৰুমী ফুকন, অকনলতা হাজৰিকা, মুহিম হাজৰিকা, হৰিশ হাজৰিকাকে ধৰি গাঁওবাসী উপস্থিত থাকে।

Leave A Reply