Breaking

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন…

0 115

দৰঙৰ কটাহী ৰাইজঘাটত ডেকাগিৰি আঞ্চলিক শাখাৰ ব্যৱস্থাপনা আৰু ৰাইজৰ সহযোগত মুক্তিযুঁজাৰু ৰমাকান্তু ডেকা   সমন্বয় ক্ষেত্ৰত ৩,৪,৫ ফেব্ৰুৱাৰী’২০২৩ তাৰিখে অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘ,দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন, অস্থায়ী গুৰু আসন প্ৰতিষ্ঠা,শৰাই নিবেদন আৰু সামূহিক নাম প্ৰসংগৰে আৰম্ভ  হয় অনুষ্ঠান ৷ 

লাইখুটা স্থাপন অনুষ্ঠানত জিলা খনৰ বিভিন্ন প্ৰাথমিক শাখাৰ পৰা অহা ভক্ত প্ৰান ৰাইজৰে ভৰি পৰে মুক্তি যুজাৰু ৰমাকান্ত ডেকা সমন্বয় ক্ষেত্ৰ  ৷  গায়ন বায়ন, তাল নাগাৰা, শংখ, হৰিধ্বনি আৰু উৰুলিৰে লাইখুঁটা স্থাপন কৰে জিলা শাখাৰ সভাপতি উপেন্দ্ৰ নাৰায়ন কুমাৰে । 

লোকেলোকাৰণ্য হোৱা সমন্বয় ক্ষেত্ৰত দৰং জিলাৰ ভিন্নপ্ৰান্তৰ বাপবান্ধৱ,আই-মাতৃ,শিশু,যুৱক-যুৱতীৰে পৰিপূৰ্ণ মুকলি সভাত শ্ৰী মন্ত শংকৰদেৱ সংঙ্ঘৰ উপ-পদাধিকাৰ বসুন্ধৰ ডেকা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, বিপিন চন্দ্ৰ বৰুৱা, ৰামচন্দ্ৰ ডেকা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ৰমেন মালাকাৰসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে।

লাইখুটা স্থাপনৰ মুকলি সভাৰ শুভউদ্বোধন কৰে জিলাৰ সভাপতি উপেন্দ্ৰ নাৰায়ণ কুমাৰে ৷ ৫৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ ১৮খন উপসমিতিৰে গঠন হোৱা আদৰণি সমিতিৰ সভাপতি ভবেন্দ্ৰ চন্দ্ৰ ডেকা সম্পাদক কুমুদ ডেকা যুটীয়া সম্পাদক ভাৰত চন্দ্ৰ কলিতা ডেকাগিৰি আঞ্চলিক শাখাৰ ক্ষমাধৰ চহৰীয়া সমন্বিতে প্ৰচাৰ উপসমিতিৰ সম্পাদক নিৰঞ্জন শইকীয়াই আগন্তুক অনুষ্ঠানত দিহা পৰামৰ্শৰ বাবে সেৱা ধৰে ৷

Leave A Reply