Breaking

তুলসীমুখৰ তুলসীক্ষেত্ৰত শ্ৰী শ্ৰী মহাবিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা আৰু শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ

0 52

নগাঁও জিলাৰ তুলসীমূখত আজি বিগ্ৰহ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হৈছে। অবসৰপ্ৰাপ্ত কৃষি বিষয়া অশোক বৰঠাকুৰৰ একান্ত ব্যক্তিগত প্ৰচেষ্ঠাত এই অনুষ্ঠান অনুষ্ঠিত হয়।

নগাঁও জিলাৰ তুলসীমুখৰ তুলসীক্ষেত্ৰত শ্ৰী শ্ৰী মহাবিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ লগতে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপনৰ দিহা কৰা হৈছে।এই উপলক্ষে আজি বৈদিক কৰ্মৰে বৃহৎ ধৰ্মধ্বৰ্জা স্থাপন কৰা হয়।

ধৰ্ম ধ্বজা স্থাপন কৰে গোপাল দেৱ দেৱালয় সত্ৰৰ সত্ৰাধিকাৰ টংকেশ্বৰ দেৱ শৰ্মাই।ধৰ্ম ধ্বজা উত্তোলনৰ লগতে সংগতি ৰাখি দক্ষিণপাটৰ পৰা ননৈ পৰ্যন্ত পাঁচ শতাধিক গছ পুলি ৰোপন কৰা হয়।

উল্লেখযোগ্য যে পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাবিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা আৰু শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ কাৰ্যসূচীত ২৭ এপ্ৰিলৰ পৰা যজ্ঞৰ কাৰ্যসূচী অনুষ্ঠিত হব।দহ সহস্ৰাধিক আহুতি প্ৰদানৰে ২৮ এপ্ৰিলত অনুষ্ঠিত হব পূৰ্ণাহুতি। এই অনুষ্ঠান সফল কৰি তুলিবলৈ বৰঠাকুৰে সকলোকে আহ্বান জনাইছে।

Leave A Reply