Breaking

ৰাছিয়াক ‘সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ’ ঘোষণা ইউৰোপীয় সংসদৰ…

0 43

ইউক্ৰেইনত দুমাহৰো অধিককাল যুদ্ধ অব্যাহত ৰখা ৰাছিয়াক ‘সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ’ ঘোষণা ইউৰোপীয় সংসদে। ২৭ খন ৰাষ্ট্ৰৰ সন্মিলিত ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰ আৰম্ভনিৰে পৰা মাত মাতি আহিছে। আনকি ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপীয় সংঘই বিভিন্ন ধৰণৰ অৰ্থনৈতিক নিষেধাজ্ঞাও আৰোপ কৰি থৈছে। ৰাছিয়াক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ আখ্যা দি ইউৰোপীয় সংসদে কয় “ইউক্ৰেইনৰ অসামৰিক লোকৰ বিৰুদ্ধে ৰাছিয়ান ফেডাৰেশ্যনে ইচ্ছাকৃতভাৱে কৰা আক্ৰমণ আৰু অত্যাচাৰ, অসামৰিক আন্তঃগাঁথনি ধ্বংস , মানৱ অধিকাৰ উলংঘন আদি গুৰুতৰ উলংঘন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমান” ।

ইউৰোপীয় ইউনিয়নৰ আইনসভাই ৪৯৪-৫৮ টা ভোটত ৰাছিয়াৰ বিৰুদ্ধে এনে প্ৰস্তাৱ গ্ৰহণ কৰে।
ইপিনে বুধবাৰে নিশা ৰাছিয়াই চলোৱা ৰকেট আক্ৰমণৰ ফলত দক্ষিণ ইউক্ৰেইনৰ এখন চিকিৎসালয়ৰ প্ৰসূতি ৱাৰ্ড এটা ধ্বংস হয়। ফলত ২ দিনীয়া নৱজাতক এটিৰ মৃত্যু হয় । বুধবাৰে কিয়েভতো একাধিক বিস্ফোৰণৰ শব্দ শুনা যায়।ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইন বাহিনীৰ প্ৰতিৰোধৰ সন্মুখীন হৈ গুৰুত্বপূৰ্ণ চহৰ খেৰছনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত আন এটা মিছাইল আক্ৰমণ আৰম্ভ কৰে। ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ নিপ্ৰো চহৰত এটা মিছাইল আৰু গেছ উৎপাদন প্ৰকল্পত আক্ৰমণ কৰিছিল। আক্ৰমণটোত কমেও চাৰিজন লোক নিহত হৈছিল।

ৰাছিয়াই কেইবা সপ্তাহ ধৰি ইউক্ৰেইনৰ শক্তি আৰু ইন্ধন কোম্পানীসমূহক লক্ষ্য কৰি মিছাইল আক্ৰমণ চলাই আহিছে। মঙলবাৰে ৰাজধানী কিয়েভকে ধৰি কেইবাটাও ঠাইত কেইবাটাও আক্ৰমণ সংঘটিত হয়। অৱশ্যে, বৃহস্পতিবাৰৰ আক্ৰমণ সম্পৰ্কে মস্কোৱে এতিয়ালৈকে জাননী জাৰি কৰা নাই।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মতে, জাপোৰিজজিয়া অঞ্চলত হোৱা আক্ৰমণত চাৰিজন লোক নিহত হৈছে। নিপ্ৰো চহৰৰ মিছাইল নিৰ্মাণ কাৰখানাটো ক্ষতিগ্ৰস্ত হৈছে। চহৰখনত কমেও ১৪ জন লোক আহত হৈছে।

ৰাছিয়াৰ বাহিনীয়ে অঞ্চলটোৰ ওচৰৰ নিকোপোল চহৰত কমেও ৭০ টা বোমা নিক্ষেপ কৰিছিল। ফলস্বৰূপে, চহৰখনৰ হাজাৰ হাজাৰ ঘৰত বিদ্যুৎ আৰু পানী নাই। ওডেচা আৰু খাৰকিভ অঞ্চলো এই আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত হৈছে। দুয়োটা অঞ্চলত হোৱা আক্ৰমণত কমেও তিনিজন লোক আহত হৈছে।

Leave A Reply