Breaking

পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…

0 23

পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল। একোগৰাকী শিক্ষাৰ্থীয়ে ভাল ফলাফল লাভ কৰাৰ পিছতে যি দৰে ঘৰে-পৰে আনন্দৰ লহৰ বয়, ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য আজি পৰিলক্ষিত হয় ৰমেন বিশ্বাস নামৰ মেধাবী ছাত্র এজনৰ গৃহত। দৰাচলতে, যোৱা ৫ মে’ত নগাঁৱত “নীট” পৰীক্ষা দি পিতৃ তথা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নাৰায়ণ বিশ্বাসৰ সৈতে মেধাৱী পুত্ৰ ৰমেন বিশ্বাস ঘৰলৈ আহি থকা অৱস্থাত পানীখাইটিত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছিল।

আজি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সেইগৰাকী ৰমেন বিশ্বাসেই বিজ্ঞান শাখাত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ খবৰ পাই ঘৰখনত আনন্দৰ বিপৰীতে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়। ৰমেনে অধ্যয়ন কৰা নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই ৰমেনবিহীন ঘৰখনলৈ আহি মেধাৱী ছাত্ৰজনৰ ভবিষ্যতৰ আশাৰ বন্তি গছি নিৰ্বাপিত হোৱাত গভীৰ শোক প্ৰকাশ কৰে।

ৰমেনৰ আশা আছিল আই আই টি পঢ়াৰ আৰু সেই আশাৰে ‘নীট’ পৰীক্ষাত অবতীৰ্ণ হৈছিল। কিন্তু কাল অমানিশাই অকালতে কাঢ়ি নিলে ছাত্রগৰাকীক আৰু পৰিয়ালটোৰো সকলো আশা নিৰ্বাপিত হ’ল। পিতৃ-মাতৃৰ বুকু উদং কৰি অকালতে মৃত্যুবৰণ কৰা ৰমেন বিশ্বাসৰ আজি ঘোষিত ফলাফল লাভ কৰি পুনৰ অঞ্চলটোত কান্দোনৰ ৰোল উঠিল। এতিয়া আৰু ৰমেনৰ ফলাফল সুধিবলৈ কোনোৱে নাহে। পিতৃ নাৰায়ণ বিশ্বাস আৰু মাতৃ অনুপমা চৰকাৰে পুত্ৰৰ ফটোখন বুকুত বান্ধি লৈ কান্দোনত ভাগি পৰিছে। এজন অতি নম্ৰ স্বভাৱৰ প্ৰতিভাবান যুৱকক অকালতে হেৰুওৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave A Reply