Breaking

আম্বানীতকৈও ধনী মেকড’নাল্ডৰ প্রাক্তন কর্মী

0 71

ভাৰতৰ ধন কুবেৰ উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিৰ সাম্রাজ্যৰ কথা বহুতেই জানে৷ ধন কুবেৰগৰাকীৰ এই সম্পত্তিক লৈ বিভিন্ন মহলত সঘনে চর্চা চলে৷ বিশ্বৰ সমৃদ্ধিশালী ব্যক্তিৰ তালিকাত থকা মুকেশ আম্বানীতকৈও অধিক সম্পত্তিৰ মালিক হৈছে মেকড’নাল্ডৰ এগৰাকী প্রাক্তন কর্মী৷ যাৰ সম্পত্তিৰ পৰিমাণ ৯,৬০০ কোটি ডলাৰ৷ আবুধাবিত গ্রাঁ প্রিত প্রতি বছৰ চলচ্চিত্র তাৰকা তথা ক্রীড়াবিদসহ খ্যাতনামা ব্যক্তিসকল মিলিত হয়৷ চহৰৰ কেন্দ্রস্থলৰ পৰা কিছু দূৰৈৰ য়াছ দ্বীপত পার্টী কৰিবলৈ এই খ্যাতনামা ব্যক্তিসকলক আমন্ত্রণ জনোৱা হয়৷

যোৱা মাহত আমন্ত্রিত এই গণ্যমান্য ব্যক্তিসকলৰ তালিকাত আছিল মেকড’নাল্ডৰ প্রাক্তন কর্মী চাংপেং ঝাও৷ মেকড’নাল্ডৰ এজন প্রাক্তন বার্গাৰ প্রস্তুতকাৰক তথা ছফ্টৱেৰ ডেভেলপাৰে এই তালিকাত কেনেদৰে স্থান পালে তাক লৈ বহুতেই আশ্চর্য প্রকাশ কৰিছে৷ অবাক হ’বলগীয়া বিষয়ো৷ প্রাক্তন এই বার্গাৰ প্রস্তুতকাৰকে নিশাৰ ভিতৰতে বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক্রিপ্ট’কাৰেন্সীৰ জৰিয়তে৷ ক্রিপ্ট’কাৰেন্সীৰ জগতখনৰ এক অগ্রগামী পথিক হৈছে ঝাও৷ ক্রিপ্ট’ৰ জৰিয়তেই ঝাও হৈ পৰিছে মুকেশ আম্বানীতকৈও ধনী ব্যক্তি৷ ক্রিপ্ট’ক লৈ চর্চা কৰা লোকসকলৰ মাজত ঝাও ‘ছিজেড’ পৰিচিত৷ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)তো গুৰুত্বপূর্ণ হৈ উঠিছে ছিজেড৷

আবুধাবিত ধনকুবেৰ ব্যক্তিসকলক পৰামর্শ দিয়াৰ ক্ষেত্রত বিশেষ দায়িত্ব গ্রহণ কৰি আহিছে ঝাৱে৷ গতিকে ডুবাইত বিশাল অট্টালিকা নির্মাণ কৰি তাতেই থাকিবলৈ লৈছে এই ধন কুবেৰজনে৷ ডুবাইৰ বুর্জ খলিফাৰ কাষতেই আছে ঝাওৰ বিলাসবহুল অট্টালিকা৷ ব্লুমবার্গ বিলিয়নেয়ার্ছ ইনডেক্স অনুসৰি ঝাওৰ সম্পদৰ পৰিমাণ ৯৬ বিলিয়ন ডলাৰ৷

Leave A Reply