Breaking

উপ-নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা হ’ব :প্ৰমোদ বড়ো

0 2,233

যোৱা উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ভাষণত দিয়া প্ৰতিশ্ৰুতি সমুহ ৰক্ষা কৰাৰ বাবেই মঙলবাৰে সন্ধিয়া ধুবুৰী জিলাৰ কামানডাঙ্গা গাওঁ পঞ্চায়ত তথা কোকৰাঝাৰ জিলাৰ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘডোকৰাত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমদ বড়ো । অসম-বঙ্গ সীমান্তৰে বৈ যোৱা  গংগাধৰ নদীৰ দীৰ্ঘদিনীয়া গৰাখহনীয়াৰ সমস্যা বুজ লবলৈ অসম-বঙ্গ সীমান্তৰ গংগাধৰ নৈৰ পাৰত উপস্থিত হয় বি টি আৰ প্ৰধান প্ৰমোদ বড়ো । উল্লেখ্য যে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত  অন্তৰ্গত অসম-বঙ্গ সীমান্তৰ বাঘডোকৰা অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা গংগাধৰ নদীৰ গৰাখহনীয়াক কোনো এজন মন্ত্ৰী বিধায়কে গুৰুত্ব নিদিয়াত গৰাখহনীয়াই জোংবন্ধা গাঁও খন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন কৰাৰ উপৰি বাঘডোকৰা গাঁও খনৰ প্ৰায় নব্বৈ শতাংশ এলেকা নদীৰ বুকুত বিলীন কৰি পেলাইছে । যোৱা উপ-নিৰ্বাচনৰ সময়ত মিত্ৰজোঁটৰ সমৰ্থিত ইউ পি পি এল দলে  গংগাধৰ নদীৰ গৰাখহনীয়াক মুল ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি ইউ পি পি এল দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী জয়ী হবলৈ সক্ষম হয় । সেয়ে নিৰ্বাচনত জয় লাভ কৰাৰ পিছত  ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ বাবে ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত  বিধায়ক জিৰন বসুমাতাৰী, বি টি আৰৰ কাৰ্য্যকাৰী সদস্যত্ৰয় ক্ৰমে উকিল মুছাহাৰী, অৰূপ কুমাৰ দে, কৌশিক নাৰ্জাৰী আৰু ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহক লগতলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে মঙলবাৰে আহি উপস্থিত হয় বাঘগোকৰাত । মনকৰিবলগীয়া কথা যে উপ-নিৰ্বাচনত বিজয় লাভ কৰাৰ পিছত গোসাইগাঁও সমষ্টিটোৰ অন্তৰ্গত বাঘডোকৰা অঞ্চলৰ ৰাইজক ধন্যবাদ জনাবলৈ আহি গংগাধৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অচিৰেই কাম আৰাম্ভ কৰিব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । আনহাতে ২৮ নং গোসাঁইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । 

Leave A Reply