Breaking

হিমাক কেন্দ্ৰ কৰি এটা পদকৰ আশা কৰিছিল সকলোৱে, কিন্তু হতাশ হ’ল হিমাৰ ভাৰতীয় অনুৰাগী…

0 684

মনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমিফাইনেলৰ পৰা বিদায় ধিং এক্সপ্ৰেছ হিমা দাসৰ দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো কেৱল ০.০১ চেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

মহিলাৰ ২০০ মিটাৰ ফাইনেলত উপনীত হোৱাত ব্যৰ্থ হ’ল হিমা। শুকুৰবাৰে কমনৱেলথ গেমছৰ অষ্টম দিনা ২০০ মিটাৰ ছেমিফাইনেলত হিমাই সামগ্ৰিকভাৱে দশম স্থান লাভ কৰে৷ হিমাই অতি কম সময়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে৷ তেওঁ ০.০১ ছেকেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয়।

দ্বিতীয় ছেমিফাইনেলত অসমৰ ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে তৃতীয় স্থান লাভ কৰে। তেওঁ ২৩.৪২ ছেকেণ্ড সময় লয়। হিমাই ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সময়তকৈ তেওঁৰ প্ৰদৰ্শন আৰু উন্নত কৰিব নোৱাৰিলে। নামিবিয়া আৰু অষ্ট্ৰেলিয়াৰ এথলিট দুগৰাকীয়ে ক্ৰমান্বয়ে ২২.৯৩ আৰু ২৩.৪১ ছেকেণ্ড সময়েৰে  ফাইনেলত উপনীত হয়। কমনৱেলথ গেমছৰ অষ্টম দিনা ভাৰতে মল্লযুঁজত তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক জিকে। ফলত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। সেইদৰে, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জকে ধৰি এতিয়া ভাৰতৰ মুঠ পদকৰ সংখ্যা হৈছেগৈ ২৬টা ।

পদক তালিকাত ভাৰতে সাতৰ পৰা পাঁচ নম্বৰ স্থানলৈ উন্নীত হৈছে। মহিলা হকীত ভাৰতে দুৰ্ভাগ্যজনকভাৱে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়।

Leave A Reply