Breaking

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

0 2,055

শীত আৰম্ভ হোৱাৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰা সত্র নগৰী মাজুলীত এতিয়া সুৰক্ষিত নহয় পৰিভ্ৰমী চৰাইবোৰ। নদী দ্বীপটোৰ বিভিন্ন জলাশয়ত এতিয়া দেখিবলৈ পোৱা  পক্ষীৰ মিলন মেলা যেন লাহে লাহে ম্লান পৰিবলৈ ধৰিছে । এই পৰিভ্রমী চৰাই চাবলৈ হাতত কেমেৰা লৈ আহে দূৰ দূৰণিৰ পৰ্যটক । ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা বিভিন্ন জনৰ মনত এতিয়া শংকাই দেখা দিছে । অতি দুৰ্ভাগ্যজনক কথাটো হ’ল মাজুলীলৈ লাহে লাহে আগমণ কম হৈছে পৰিভ্ৰমী চৰাইৰ । ইয়াৰ মূলতেই হ’ল এচাম দুষ্ট চক্ৰ মানুহৰ অসৎ মনোভাৱ ।

বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি বিভিন্ন ঠাইত পক্ষী নিধন যজ্ঞ অব্যাহত ৰাখিছে এই চাম দুষ্ট চক্ৰৰ লোকে। এনে ঘটনা সংঘটিত হ’ল কালি দক্ষিণপাট অঞ্চলত । ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সত্রৰ ৫০ বিঘা মাটি পক্ষী বিচৰণ কৰিবৰ বাবে এৰি দিছিল । সত্রই পক্ষীৰ বাবে এৰি দিয়া এই মাটিলৈ আহে বিভিন্ন প্ৰকাৰৰ পৰিভ্রমী চৰাই,  এই পৰিভ্রমী চৰাই চাবলৈ আগমণ ঘটে দেশ বিদেশৰ বিভিন্ন লোকৰ । এচাম দুষ্ট চক্ৰৰ হাতত পৰিছে মাজুলীলৈ অহা এই পৰিভ্ৰমী চৰাইবোৰ । যাৰ ফলত মৃত্যুৰ  মুখত পৰিছে এই চৰাইবোৰ । মাজুলীৰ সচেতন লোক , প্ৰকৃতিপ্ৰেমীয়ে  তাত্ক্ষণিক ব্যৱস্হা গ্ৰহণ কৰি অতি সোনকালে এই চৰাইবোৰৰ সুৰক্ষা প্ৰদান কৰক। অন্যথা প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ এই বিল জলাশয় সমূহ এদিন হয়তো কালৰ বুকুত হেৰাই যাব। চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দক্ষিণপাট অঞ্চলৰ সচেতন ৰাইজে আহ্বান জনাইছে।

Leave A Reply