Breaking

ইভিএমৰ দয়াতহে জিকিছে বিজেপিঃ কংগ্ৰেছ

0 2,029

নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে যেতিয়া ৰোড শ্ব’ কৰিছিল তেতিয়া ৩০ কিলোমিটাৰ দীঘলীয়া শাৰী দেখা গৈছিল। আনহাতে নৰেন্দ্ৰ মোডীৰ মিটিংৰ আসন খালী আছিল, বিজেপিৰ নিৰ্বাচনী মিটিংসমুহ আছিল সেৰেঙা, বিজেপিৰ ৰোড শ্ব’ত মানুহে নাছিল, তথাপিও বিজেপি জিকিল । কেনেকৈ ? ইভিএম টেম্পাৰিং কৰি বিজেপি জিকিছে । ইভিএমৰ দয়াত হে বিজেপি জিকিছে – এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে ।

শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে উক্ত মন্তব্য কৰি প্ৰশাসনক টকা পইচা দি কিনি ইভিএমৰ দয়াতহে বিজেপি জিকা বুলি মন্তব্য কৰে । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অসম , বড়োলেণ্ড কেতিয়াও ভাৰতৰ সতে সংযুক্ত নাছিল আৰু ইয়াত কোচ ৰাজ্য , আহোম ৰাজ্যৰ দৰে সৰু সৰু ৰাজ্য – ৰাষ্ট্ৰ আছিল যদিও ঐক্যবদ্ধভাৱে যুঁজি বৃটিছৰ পৰা স্বাধীনতা আনিলে ।

ভাৰতৱাসীৰ সেই ঐকতা বিজেপিয়ে ধ্বংস কৰি দিলে আৰু এতিয়া মাথো জাত পাত , জাতি -ধৰ্মক ভাগ ভাগ কৰি বৃটিছৰ পথ অনুসৰণ কৰিছে বিজেপিয়ে । কংগ্ৰেছক আৰু ২০ খনমান আসন দিলে একো সন্দেহ নকৰিলোহেতেন বুলি মন্তব্যৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে যি দেশে ইভিএম উদ্ভাৱন কৰিছিল সেই দেশেই এতিয়া ইভিএম ব্যৱহাৰ নকৰে । ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত বেলট পেপাৰ ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীয়ে ।

Leave A Reply