Breaking

নীলবাগানৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

0 1,256

ক’ভিডৰ সময়ত ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বুজ লৈছে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে ৷সমগ্ৰ দেশতে কবিড অতিমাৰীৰ ভয়ানক পৰস্থিতি সৃষ্টি কৰাৰ সময়ত হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ নেতৃত্বত বিদ্যালয়খনৰ শিক্ষকসকলে এক ব্যতিক্ৰমী প্রয়াস হাতত লোৱা দেখিবলৈ পোৱা গৈছে।বিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে শিক্ষক গোটে অনলাইন শিক্ষা চলাই যোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় শৈক্ষিক সহায় আগবঢ়োৱাৰ লগতে নিজৰ পকেটৰ ধনেৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক মোবাইল ৰিচাৰ্জ কৰি দিয়া কাৰ্যত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক গোটক ধন্যবাদ জনায় ।শিক্ষকসকলৰ এনে অভিযান কালত আজি স্থানীয় ৰাইজ আৰু অভিভাৱকৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সকলোৱে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে ব্যতিক্ৰমী আৰু অনন্য প্রয়াসক একেমুখে শলাগ লয় ৷এই ক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰত তেখেতে কয় -আমি আমাৰ কৰ্তব্য নিষ্ঠাৰে আৰু সততাৰে পালন কৰিবলৈ সদায় যত্ন কৰো আৰু ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শৈক্ষিক আৰু মানসিক সহায় আগবঢ়োৱাৰ অভিযানো নিজ কৰ্তব্য নিয়াৰিকৈ পালনৰ এক অংশ বিশেষ ।অনলাইন পাঠদান নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ উপৰিও আমাৰ এই কাৰ্যসূচীও অব্যাহত থাকিব । যিহেতু শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক এটা ত্ৰিভুজৰ তিনিটা কোন আৰু তিনিওটা কোন যেতিয়ালৈকে একত্ৰিত নহয় তেতিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা সম্পূৰ্ণ নহয় , সেয়েহে আমাৰ অভিযানত এই তিনিওটা কোন একত্ৰিত হব পাৰিছো আৰু এই অভিযানে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিত এক চকুত লগা প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত বুলি মন্তব্য কৰে ।আজি বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাৰ লগতে বিদ্যালয়ৰ অৰ্থনীতিৰ বিষয় শিক্ষক চিৰাজুল ইছলাম , ইংৰাজী শিক্ষক শ্বৰীফ উদ্দিন লস্কৰ , বিজ্ঞান শিক্ষক মুস্তাফা আল-আমিন বৰভূঞা আৰু অংক শিক্ষক মেহবুব হুছেইন চৌধুৰী উপস্থিত থাকে ।এখন চৰকাৰী বিদ্যালয়ৰ এনে কাৰ্যক সচেতন মহলে শলাগ লয়l

Leave A Reply